হায়দৰাবাদ, ৩০ ডিচেম্বৰ (হি.স.)। দেওবাৰে গাচিবৌলী ষ্টেডিয়ামত মণিপুৰক ৫-১ গ’লত পৰাস্ত কৰি কেৰালাই ১৬ সংখ্যক বাৰৰ বাবে সন্তোষ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু এতিয়া দলটোৱে পুৰণি প্ৰতিদ্বন্দ্বী পশ্চিম বংগৰ বিৰুদ্ধে খিতাপ মেচত মুখামুখি হ’ব। মহম্মদ ৰোশল পি পিৰ হেট্ৰিকে কেৰালাৰ চমকপ্ৰদ প্ৰদৰ্শনত আৰু অধিক অৰিহাণা যোগায়। তেওঁ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। দিনটোৰ প্ৰথমটো ছেমি ফাইনেলত পশ্চিম বংগই ডিফেণ্ডিং চেম্পিয়ন চাৰ্ভিচেছক ৪–২ গ’লত পৰাস্ত কৰি ৪৭ সংখ্যক বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে।
প্ৰথমাৰ্ধত কেৰালাই প্ৰথমে আক্ৰমণ কৰে, তেওঁলোকৰ উৎকৃষ্ট মিডফিল্ড খেলে ২২ মিনিটত ফল দিলে। একেৰাহে কেইটামান খেল সলনি কৰা পাছৰ পিছত আৰু মণিপুৰৰ খেলুৱৈক আগুৱাই আনিবলৈ সক্ষম হোৱাৰ লগে লগে মহম্মদ ৰিয়াছে থ্ৰু বল খেলি মহম্মদ আজছালৰ ফালে আগবঢ়াই দিয়ে। তেওঁৰ সহকাৰী ফৰৱাৰ্ড নাছিব ৰহমানে আগলৈ দৌৰিব বুলি আশা কৰি ফৰৱাৰ্ডজনে বলটো আগুৱাই যাবলৈ দিলে। ২৫ গজৰ দূৰত্বত বলটো তুলি লৈ ৰহমানে বক্সত প্ৰৱেশ কৰি গ’লৰক্ষকক পৰাভূত কৰি গ’ল দি কেৰালাক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।
ইয়াৰ পূৰ্বেও মণিপুৰ প্ৰতিযোগিতাখনত পিছ পৰি আছিল আৰু প্ৰত্য়াৱৰ্তন কৰাটো তেওঁলোকৰ বাবে নতুন কথা নাছিল। আৰু একেই হ’ল। ৩০ মিনিটত শুনজন্তন ৰাগুৱে পেনাল্টিক ৰূপান্তৰিত কৰি মণিপুৰক ১–১ গ’লত ড্র কৰি দিয়ে ৷ খেলখনৰ উত্থান–পতনৰ গতি হাফ টাইমৰ সামৰণি পৰ্যায়লৈকে চলি থাকিল। প্ৰথমাৰ্ধৰ আঘাতৰ সময়ত মহম্মদ আজছালে এক উৎকৃষ্ট গ’ল দি কেৰালাক ২-১ গ’লত আগুৱাই লৈ যায়।
হাফ টাইমৰ সময়লৈকে কেৰালা দলে ২-১ গ’লত আগবাঢ়ি আছিল। খেলখনৰ ৭৩ আৰু ৮৮ মিনিটত নতুন খেলুৱৈ মহম্মদ ৰোশলে একেৰাহে দুটা গ’ল দি কেৰালাক ৪-১ গ’লত আগুৱাই লৈ যায় আৰু মণিপুৰে ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাতো নিশ্চিত হৈ পৰে। মেচখনত ইনজুৰি টাইমত পেনাল্টি দি ৰচেলে নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰি কেৰালাক মণিপুৰৰ বিৰুদ্ধে ৫-১ গ’লত চমকপ্ৰদ জয় প্ৰদান কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া