অভিজ্ঞ মেনেজাৰ কুকা চতুৰ্থবাৰৰ বাবে এটলেটিকো মিনেৰহোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত
ৰিঅ’ ডি জেনেইৰ’, ৩০ ডিচেম্বৰ (হি.স.)। ব্ৰাজিলৰ ছিৰি এ ক্লাবটোৱে দেওবাৰে প্ৰকাশ কৰা অনুসৰি চতুৰ্থবাৰৰ বাবে এটলেটিকো মিনেইৰোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰবীণ মেনেজাৰ কুকাক। চলিত মাহৰ আৰম্ভণিতে পাৰস্পৰিক সন্মতিৰে ক্লাবৰ পৰা আঁতৰি যোৱা
एटलेटिको मिनेरो के मुख्य कोच बने अनुभवी मैनेजर कूका


ৰিঅ’ ডি জেনেইৰ’, ৩০ ডিচেম্বৰ (হি.স.)। ব্ৰাজিলৰ ছিৰি এ ক্লাবটোৱে দেওবাৰে প্ৰকাশ কৰা অনুসৰি চতুৰ্থবাৰৰ বাবে এটলেটিকো মিনেইৰোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰবীণ মেনেজাৰ কুকাক। চলিত মাহৰ আৰম্ভণিতে পাৰস্পৰিক সন্মতিৰে ক্লাবৰ পৰা আঁতৰি যোৱা আৰ্জেণ্টিনাৰ গেব্ৰিয়েল মিলিটোৰ ঠাইত ৬১ বছৰীয়া কুকায়ে স্থান লাভ কৰিছে।

ছ’চিয়েল মিডিয়াত এটলেটিকোৱে এক বিবৃতিত কয় যে ব্ৰাজিলৰ শীৰ্ষ স্তৰত এটলেটিকো মিনেইৰোৰ হৈ সৰ্বাধিক খেল খেলা আৰু আমাৰ আটাইতকৈ ডাঙৰ বিজয়ীজন ঘূৰি আহিছে।

কুকাৰ প্ৰকৃত নাম এলেক্সি ষ্টিভাল আৰু তেওঁ ২০২৬ চনৰ ডিচেম্বৰলৈকে চলিবলগীয়া চুক্তিত সন্মতি প্ৰকাশ কৰে। তেওঁৰ সৈতে যোগদান কৰিব সহায়ক কুকিনহা আৰু ডেনিয়েল চেৰচেৰা। ২০১১ চনৰ পৰা ২০১৩ চনলৈকে আৰু ২০২১ আৰু ২০২২ চনলৈকে পৃথক পৃথক সময়ছোৱাত কুকাই ক্লাবটো পৰিচালনা কৰিছিল। বেলো হৰাইজ’ণ্টে ক্লাবৰ সৈতে তেওঁৰ ট্ৰফীৰ তালিকাত ২০১৩ চনৰ কোপা লিবাৰটাড’ৰেছ আৰু ২০২১ চনৰ ব্ৰাজিলৰ ছিৰি এ খিতাপ অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৪ চনৰ ব্ৰাজিলৰ ছিৰি এ ষ্টেণ্ডিঙত এটলেটিকোৱে ১২ নম্বৰ স্থান দখল কৰাৰ লগতে এইবাৰৰ কোপা লিবাৰটাড’ৰেছত বোটাফ’গোৰ পিছত ৰানাৰ্ছ আপৰ স্থান দখল কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande