পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, কন্যাই দিলে মুখাগ্নি
নতুন দিল্লী, ২৮ ডিচেম্বৰ (হি.স.)। প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ আজি ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ নিগম বোধ ঘাটত সম্পূর্ণ ৰাজকীয়, সামৰিক সন্মান আৰু শিখ পৰম্পৰাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ ডাঃ সিঙৰ জ্যেষ্ঠ কন্যা উপিন্দৰ কৌৰে তেওঁৰ পিতৃ
পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং


নতুন দিল্লী, ২৮ ডিচেম্বৰ (হি.স.)। প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ আজি ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ নিগম বোধ ঘাটত সম্পূর্ণ ৰাজকীয়, সামৰিক সন্মান আৰু শিখ পৰম্পৰাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ ডাঃ সিঙৰ জ্যেষ্ঠ কন্যা উপিন্দৰ কৌৰে তেওঁৰ পিতৃৰ চিতাত মুখাগ্নি কৰে। ইয়াৰ পূৰ্বে তেওঁক ২১ টোপধ্বনিৰে চেলুট দিয়াৰ লগতে শিখ ধৰ্মগুৰু আৰু পৰিয়ালৰ লোকে গুৰবাণী পাঠ কৰে।

নিগম বোধ ঘাটত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক, মৰিচাছৰ বৈদেশিক মন্ত্ৰী ধনঞ্জয় ৰামফুল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু , বিজেপি ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, তিনিওটা সশস্ত্ৰ বাহিনীৰ নেতা চিডিএছ জেনেৰেল অনিল চৌহান মুখীয়ালসকলৰ সৈতে উপস্থিত থাকে। কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, কূটনীতিবিদ আৰু অন্যান্য গণ্যমান্য ব্যক্তিও তেওঁলোকৰ প্ৰিয় নেতাক অন্তিম বিদায় দিবলৈ উপস্থিত হয়। সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

সিঙৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট, কংগ্ৰেছৰ সাংসদ সুখজিন্দৰ সিং ৰান্ধৱা, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুকে ধৰি কেইবাগৰাকীও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়েও নিগম বোধ ঘাটত উপস্থিত হয় ।

ইয়াৰ পূৰ্বে তেওঁৰ অন্তিম যাত্ৰা নতুন দিল্লীৰ আকবৰ ৰোডৰ ২৪ নং কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা নিগমবোধ ঘাটলৈ আৰম্ভ হৈছিল । কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডাঃ মনমোহন সিঙৰ মৃতদেহ ফুলেৰে সজ্জিত এখন বাহনত ৰখা হৈছিল। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পথত তেওঁৰ লগত অহা ৰাইজে মনমোহন সিং অমৰ ৰহে শ্লোগানেৰে উত্তাল কৰি তোলে। ইয়াৰ মাজতে যেতিয়ালৈকে সূৰ্য্য আৰু চন্দ্ৰ আছে তেতিয়ালৈকে আপোনাৰ নাম থাকিব আদি শ্লোগানবোৰো প্ৰতিধ্বনিত হৈছিল। সিঙৰ পাৰ্থিৱ শৰীৰ আজি পুৱা ৯ বজাৰ কিছু সময়ৰ পূৰ্বে মোটিলাল নেহৰু ৰোডৰ ৩ নং বাসগৃহৰ পৰা এআইচিচিৰ মুখ্য কাৰ্যালয়লৈ অনা হয়।

বৃহস্পতিবাৰে নিশা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত বয়সৰ লগত জড়িত চিকিৎসাজনিত জটিলতাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডাঃ মনমোহন সিঙে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ স্থপতি বুলি কোৱা হয়। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত সিঙে ১০ বছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানত সমগ্ৰ দেশতে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। এই সময়ছোৱাত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande