মাৰ্ঘেৰিটাত কা' আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ
মাৰ্ঘেৰিটাত কা' আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ।
মাৰ্ঘেৰিটাত কা' আন্দোলনৰ পঞ্চ শ্বহীদক স্মৰণ


তিনিচুকীয়া, ১৩ ডিচেম্বৰ (হি.স.): নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ মৃত্যু বৰণ কৰা পঞ্চ শ্বহীদক যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া মাৰ্ঘেৰিটাত স্মৰণ কৰা হয়। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাৰ নগৰৰ মাজ মজিয়াত পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত ধূপ, বন্তি প্ৰজ্বলন কৰি স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ হেতু 'কা' বিৰোধী সংগ্ৰামত প্ৰাণাহুতি দিয়া শ্বহীদৰ আত্মাৰ চিৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাহিত্য সম্পাদক ৰূপম বৰুৱা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অভিষেক বৰুৱা, সাধাৰণ সম্পাদক মিৰাংকো চুতীয়াসহ আঞ্চলিক ছাত্র সন্থাৰ বহু কেইগৰাকী বিষয় ববীয়া উক্ত কাৰ্যসূচীত উপস্থিত থাকি পঞ্চ শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উত্তৰ মাৰ্ঘেৰিটা স্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande