ধুবুৰী ১৩ ডিচেম্বৰ (হি.স.): সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু পশ্চিম ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত বৃহস্পতিবাৰে বিশাল জোৰ সমদল বাহিৰ কৰা হয়। কোচ ৰাজবংশী জনজাতিৰ জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত এই বিশাল প্ৰতিবাদী সমদল উলিয়ায়।
বৃহস্পতিবাৰে সন্ধিয়া গোলকগঞ্জত থকা জগমোহন বিদ্যাপীঠ খেল পথাৰৰ পৰা প্ৰায় পাঁচ- শতাধিক পুৰুষ মহিলাই এই সমদলত অংশগ্ৰহণ কৰে ।প্ৰতিবাদ কাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, কোচ-ৰাজবংশী বিৰোধী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাঁই তোলে । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এই কাৰ্য্য সূচীত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদল আগবাঢ়ে । কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ কৰা হৈছিল। আনহাতে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতি কৰণ কৰা নহয় তেন্তে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ