দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সামৰিক আইন আদেশ ৰক্ষা কৰি শেষলৈকে যুঁজ দিয়াৰ অংগীকাৰ
ছিউল, ১২ ডিচেম্বৰ (হি.স.)। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলে তেওঁৰ মাৰ্শ্বাল ল’ (সামৰিক আইন) আদেশ ৰক্ষা কৰি কয় যে তেওঁ ইয়াৰ বাবে শেষলৈকে যুঁজিব। বৃহস্পতিবাৰে টেলিভিছনযোগে দিয়া ভাষণত ইউনে কয় যে তেওঁৰ এই প্ৰচেষ্টা গণতন্ত্ৰৰ অৱনতি ৰোধ কৰা তথ
दक्षिण कोरिया के राष्ट्रपति यून सुक-योल


ছিউল, ১২ ডিচেম্বৰ (হি.স.)। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলে তেওঁৰ মাৰ্শ্বাল ল’ (সামৰিক আইন) আদেশ ৰক্ষা কৰি কয় যে তেওঁ ইয়াৰ বাবে শেষলৈকে যুঁজিব। বৃহস্পতিবাৰে টেলিভিছনযোগে দিয়া ভাষণত ইউনে কয় যে তেওঁৰ এই প্ৰচেষ্টা গণতন্ত্ৰৰ অৱনতি ৰোধ কৰা তথা বিৰোধীৰ সংসদীয় একনায়কত্ববাদক প্ৰতিহত কৰাৰ এক আইনী সিদ্ধান্ত।

তেওঁ পদত্যাগ নকৰাৰ ইংগিত দি কয় যে তেওঁৰ তদন্ত হওক বা অভিযোগনামা দাখিল হওক, তেওঁ শেষলৈকে যুঁজিব। তেওঁ কয় যে তেওঁৰ সামৰিক আইন জাপি দিয়াৰ সিদ্ধান্ত গণতন্ত্ৰ আৰু সাংবিধানিক শৃংখলা ৰক্ষাৰ বাবেহে। ইয়েলে দাবী কৰে যে ব্যৱস্থাটো অচল হৈ পৰিছে আৰু সংবিধানখন বিপদত পৰিছে। এই কাৰণে সামৰিক আইনৰ দৰে পদক্ষেপ ল’বলগীয়া হৈছিল। তেওঁৰ এই আদেশ আছিল শাসনৰ এক কাৰ্য্য যাৰ তদন্ত কৰিব পৰা নাযায় আৰু বিদ্ৰোহৰ সমান নহয়।

বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে নতুন অভিযোগনামাৰ প্ৰস্তাৱ দাখিল কৰাৰ কেইঘণ্টামান পূৰ্বে ইয়েলেয়ে এই বক্তব্য প্ৰদান কৰিছে। বিৰোধী দলে শনিবাৰে সদনত ভোটদানৰ বাবে নতুন অভিযোগনামা প্ৰস্তাৱ উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে শাসকীয় দলৰ সাংসদসকলে নেচনেল এচেম্বলীত ভোট বৰ্জন কৰাৰ ফলত ইয়েলৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰথম প্ৰচেষ্টা ব্যৰ্থ হয়।

মন কৰিবলগীয়া যে যোৱা সপ্তাহৰ মঙলবাৰৰ পৰা বুধবাৰৰ ভিতৰত ইউন চুক-ইয়েলে দেশত সামৰিক আইন জাৰি কৰিছিল। কিন্তু নেচনেল এচেম্বলী (সংসদ)ত ভোটগ্ৰহণ হোৱাত ৰাষ্ট্ৰপতিৰ নিৰ্দেশ বাতিল হোৱাৰ বাবে সামৰিক আইন প্ৰযোজ্য হৈ থাকিল মাত্ৰ ছয় ঘণ্টা। এই বিকাশৰ পিছত ইয়েলে বিৰোধী দলসমূহৰ লগতে সাধাৰণ জনতাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে। বুধবাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু আৰক্ষী মুখ্য কাৰ্যালয়তো আৰক্ষীয়ে অভিযান চলাইছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande