বিলাসীপাৰা হৰলটাৰীত কলিতা জনগোষ্ঠী সন্মিলনী অনুষ্ঠিত
ধুবুৰী, ০১ ডিচেম্বৰ (হি.স.)। অসমৰ বৃহত্তম আৰু প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিগণিত কলিতা জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক চেতনা জাগ্ৰত কৰা একমাত্ৰ সংগ্ৰামী মঞ্চ কলিতা জনগোষ্ঠী সন্মিলন নামনি অসমৰ ধুবুৰী জিলাৰ কলিতা জনগোষ্ঠী সমাৰোহ সাপটগ্ৰা
বিলাসীপাৰা হৰলটাৰীত কলিতা জনগোষ্ঠী সন্মিলনী অনুষ্ঠিত


ধুবুৰী, ০১ ডিচেম্বৰ (হি.স.)। অসমৰ বৃহত্তম আৰু প্ৰাচীনতম খিলঞ্জীয়া জনগোষ্ঠী হিচাপে পৰিগণিত কলিতা জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক চেতনা জাগ্ৰত কৰা একমাত্ৰ সংগ্ৰামী মঞ্চ কলিতা জনগোষ্ঠী সন্মিলন নামনি অসমৰ ধুবুৰী জিলাৰ কলিতা জনগোষ্ঠী সমাৰোহ সাপটগ্ৰাম পূৱ আঞ্চলিক সমিতিৰ আতিথ্যত আজি ১ ডিচেম্বৰ দেওবাৰ দিনা বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচীৰে হৰলটাৰী নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়।

অনুষ্ঠানটিৰ শুভাৰম্ভণীত বন্তি প্ৰজ্বলন কৰে , ধুবুৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক নিখিল ৰঞ্জন দাস, সভানেত্ৰী উৰ্মিলা পাটগিৰি মুল পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দিলিপ কুমাৰ দাস তাৰ পিছত অনুষ্ঠিত কৰে বিভিন্ন জনগোষ্ঠীয় এক বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা উদ্বোধন কৰে কলিতা উন্নয়ন পৰিষদৰ অধ্যক্ষ ডক্তৰ ৰাজেন কলিতা। আজি উক্ত সমাৰোহত এখন প্ৰতিনীধি সভাৰ জৰিয়তে এখন পূৰ্ণাঙ্গ ধুবুৰী জিলা কলিতা জনগোষ্ঠী সন্মিলনীৰ সমিতি গঠন কৰে। উক্ত সমিতিৰ খনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰে বিশ্বজিৎ দাস আৰু সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহন কৰে পৰাগ কলিতা। তাৰ পিছত দুপৰীয়া ভাগত প্ৰায় সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় মুকলি সভা , উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়, কেএছিৰ কাৰ্যবাহী সদস্য মুকুল বৰুৱা, শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষন চন্দ্ৰ দাস সমাজ কৰ্মী ৰমেশ চন্দ্ৰ ৰায় উপ-সভাপতি দেব কুমাৰ ডেকা, বিশিষ্ট সমাজকৰ্মী দেবব্ৰত দাস প্ৰমুখ্যে বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande