গুৱাহাটী, ২৯নৱেম্বৰ(হি.স.)। ক্ষেত্ৰীৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ ০৬বিচি ১৬৭৫ নম্বৰৰ চিমেণ্ট কঢ়িওৱা ট্ৰাক আৰু এএছ ০১এমচি ১৯৬১ নম্বৰৰ মাটি কঢ়িওৱা দাম্পাৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো৷
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো। গুৰুতৰভাৱে আহত ট্ৰাক খনৰ চালক জনৰ লগতে দাম্পাৰ চালকজন। দুয়োখন গাড়ী গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল। ঘটনাস্থলীত উপস্থিত ক্ষেত্ৰীৰ যান বাহন আৰক্ষী।
দাম্পাৰ খন হঠাৎ কাৰিকৰী বিজুতিৰ বাবে পথৰ মাজতে ৰৈ দিয়াত ট্ৰাকখনে পিছফালে খুন্দা মাৰে যাৰ ফলত ট্ৰাকখনৰ চালকজন দীৰ্ঘ সময় ধৰি ভিতৰতে আবদ্ধ হৈ থাকে। পিছত স্থানীয় লোকৰ তৎপৰতাত চালকজন সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar