দলগাঁৱৰ ৪ নং শিয়ালমাৰী গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰে বিপদসংকুল ভাৱে যাত্ৰা
দৰাং, ২৯ নৱেম্বৰ (হি.স.)। উন্নয়নৰ শ্ল'গানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ উন্নয়নৰ ফপোঁলা স্বৰূপ । এখন জৰাজীৰ্ণ কাঠৰ দলঙৰে বিপদসংকুল ভাৱে যাত্ৰা কৰিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে ।দৰঙৰ দলগাঁও সমষ্টিৰ ৪ নং শিয়ালমাৰী গাঁৱৰ এখন কাঠৰ দলঙে জীয়াতু ভুগাইছে গাঁ
দলগাঁৱৰ ৪ নং শিয়ালমাৰী গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰে বিপদসংকুল ভাৱে যাত্ৰা


দৰাং, ২৯ নৱেম্বৰ (হি.স.)। উন্নয়নৰ শ্ল'গানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ উন্নয়নৰ ফপোঁলা স্বৰূপ । এখন জৰাজীৰ্ণ কাঠৰ দলঙৰে বিপদসংকুল ভাৱে যাত্ৰা কৰিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে ।দৰঙৰ দলগাঁও সমষ্টিৰ ৪ নং শিয়ালমাৰী গাঁৱৰ এখন কাঠৰ দলঙে জীয়াতু ভুগাইছে গাঁওবাসীক । এখন কাঠৰ দলং আছে যদিও দলংখন যিকোনো মূহূৰ্তত খহি যাব পাৰে ।

বিপদসংকুল ভাৱে যাত্ৰা কৰিব লগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগতে হাজাৰ হাজাৰ পথচাৰী । যাৰ বাবে এতিয়া সংকিত হৈ পৰিছে স্থানীয় ৰাইজে ।বাৰিষাৰ দিনত অলপ বৰষুণ হলেই যমৰ-যাতনাত ভুগিব লাগে স্থানীয় ৰাইজে । ভয়-সংকাৰ মাজতে অতি জৰাজীৰ্ণ কাঠৰ দলঙৰে যাত্ৰা কৰে এই অঞ্চলটোৰ ৰাইজে । ঠেলা গাড়ী ,চাইকেল ,বাইক লৈ যাবলৈ নোৱাৰি জৰাজীৰ্ণ দলং খনেৰে । বেমাৰ-আজাৰ হলে এখন জৰুৰীকালীন গাড়ীও নাযায় দলংখনৰ মাজেৰে । এখন পকী দলং নিমাৰ্ণ কৰি দিবলৈ স্থানীয় ৰাইজে দলগাঁও সমষ্টিৰ বিধায়ক আৰু বিভাগীয় কতৃপক্ষক দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande