উদ্যোগৰ বাৰ্ষিক জৰীপ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ ঘূৰণীয়া মেজমেল
গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়, অসমৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আজি উদ্যোগৰ বাৰ্ষিক জৰীপ( এ এছ আই)ৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ জয়ানগ
ঘূৰণীয়া মেজমেল


গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়, অসমৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আজি উদ্যোগৰ বাৰ্ষিক জৰীপ( এ এছ আই)ৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ জয়ানগৰস্থিত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসমৰ সভাকক্ষত এখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে উদ্যোগৰ বাৰ্ষিক জৰীপ( এ এছ আই)ৰ জৰিয়তে সমগ্ৰ দেশৰ ঔদ্যোগিক পৰিসংখ্যাৰ তথ্য নিয়মিতভাৱে সংগ্ৰহ কৰে। ভাৰতত এইটোৱেই হৈছে ঔদ্যোগিক পৰিসংখ্যাৰ প্ৰধান উতস। এ এছ আইৰ পৰিসৰ সমগ্ৰ দেশতে বিস্তৃত। ই এটা বিশেষ বিত্তীয় বৰ্ষত দেশৰ সংগঠিত উতপাদন খণ্ডৰ বৃদ্দি গঠন, গাঁথনি আৰু মুঠ মূল্য সংযোজনৰ ওপৰত প্ৰভাৱৰ পৰিৱৰ্তন, বস্তনিষ্ট আৰু বাস্তৱিকভাৱে মূল্যায়ন আৰু মূল্যায়ন কৰিবলৈ পৰিসংখ্যাগত তথ্য প্ৰদান কৰে।

উক্ত বিষয় এক ব্যাপক সজাগত সৃষ্টি কৰি এ এছ আইৰ অধীনত সময়তে ৰিটাৰ্ণ দাখিলৰ সূচনা কৰাৰ উদ্দেশ্যেৰে আজি আয়োজন কৰা এই বৈঠকত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসমৰ উপ সঞ্চালক প্ৰধান স্বপ্নালী ভট্টাচাৰ্য্যই দেশৰ উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে ব্যাখ্যা কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জৰীপৰ গুৰুত্বৰ বিষয়ে সভাত উপস্থিত সংস্থাসমূহৰ সদস্যসকলকো সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। যাৰ জৰিয়তে আসোঁৱাহসমূহ দৃষ্টিগোচৰ কৰাই নহয়, পৰৱৰ্তী সময়ত এক কাৰ্য্যক্ষম, সময়োপযোগী আৰু শক্তিশালী ফলাফলো যাতে লাভ কৰিব যায়। সঞ্চালক এন মোহনদাস সিঙে পৰিসংখ্যা সংগ্ৰহ আইন সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াই ব্যক্তিগত ইউনিটসমূহে এ এছ আই ৰিটাৰ্ণ স্ব সংকলন কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰা, অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক অমৰজ্যোতি গোস্বামী প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ জ্যোষ্ঠ বিষয়া কৰ্মচাৰীসহ বহুকেইটা ব্যৱসায়িক সংস্থা আৰু উদ্যোগৰ প্ৰতিনিধিয়ে আজিৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande