পাকিস্তানৰ কুৰমত ছিয়া-চুন্নী হিংসা, ১২ জন নিহত, ১৮ জন আহত
কুৰৰাম (খাইবাৰ পাখতুনখোৱা), ২৯ নৱেম্বৰ (HIST)। পাকিস্তানৰ কুৰৰাম জিলাত ছিয়া আৰু চুন্নীৰ মাজত চলি থকা ৰক্তাক্ত সংঘাত বন্ধ হোৱা নাই। শেহতীয়া সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১৮ জন আহত হয়। ইয়াৰ পিছত এনে সংঘাতত মৃত্যু হোৱা লোকৰ সংখ্যা এসপ্তা
পাকিস্তানৰ কুৰমত ছিয়া-চুন্নী হিংসা, ১২ জন নিহত


কুৰৰাম (খাইবাৰ পাখতুনখোৱা), ২৯ নৱেম্বৰ (HIST)। পাকিস্তানৰ কুৰৰাম জিলাত ছিয়া আৰু চুন্নীৰ মাজত চলি থকা ৰক্তাক্ত সংঘাত বন্ধ হোৱা নাই। শেহতীয়া সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১৮ জন আহত হয়। ইয়াৰ পিছত এনে সংঘাতত মৃত্যু হোৱা লোকৰ সংখ্যা এসপ্তাহত ৯০ লৈ বৃদ্ধি পালে। জনজাতি প্ৰধান কুৰৰাম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কোহাট সংমণ্ডলৰ এখন জিলা।

যুদ্ধবিৰতি চুক্তি ব্যৰ্থ ডন কাকত অনুসৰি বৃহস্পতিবাৰে কুৰৰাম জিলাত সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এসপ্তাহতকৈ অধিক সময় ধৰি চলি থকা ৰক্তাক্ত সংঘৰ্ষ বন্ধ কৰাত ব্যৰ্থ হ’ল যুদ্ধবিৰতি চুক্তি। বিষয়াসকলে জনোৱা মতে, শেহতীয়া সংঘৰ্ষত আৰু ১২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৮ জন লোক আহত হৈছে। জিলাখনৰ ওপৰ আৰু তলৰ অংশত মাজে মাজে গুলীচালনা চলি আছে। যোৱা সপ্তাহত ছিয়া সম্প্ৰদায়ৰ যাত্ৰীবাহী বাহনৰ কনভয়ত আক্ৰমণ সংঘটিত হোৱাৰ পিছতে লোয়াৰ কুৰামৰ পাৰাচিনাৰ অঞ্চলত সশস্ত্ৰ সংঘৰ্ষৰ সৃষ্টি হয়। এই আক্ৰমণত ৪০ জনতকৈ অধিক লোক নিহত হয়। বৃহস্পতিবাৰে জলময়, চদ্ৰেৱাল গাঁৱৰ বাসিন্দা আৰু লোয়াৰ কুৰৰামৰ তালো কুঞ্জৰ মাজত গুলীচালনা হয়।

খাদ দখল : ইয়াৰ বাহিৰেও উচ্চ কুৰৰামৰ ঘোজঘৰীত সংঘটিত হোৱা সংঘৰ্ষত এজন লোক নিহত হয়। ঘোজগাহাৰী, মাটাসংগাৰ, মকবাল আৰু কুঞ্জ আলিজাই অঞ্চলত বিক্ষিপ্ত গুলীচালনা অব্যাহত আছে। আপাৰ কুৰৰামৰ ফ্ৰন্টিয়াৰ কনষ্টেবলৰীৰ বাসু কেম্প (১১৬ উইং)ত মৰ্টাৰ শ্বেল পৰিও আহত হয় দুজন জোৱান। কালি দিনৰ ভাগত কুৰৰামৰ উপ আয়ুক্ত জাভেদুল্লাহ মেহছুদ, স্থানীয় বয়োজ্যেষ্ঠ আৰু আৰক্ষীয়ে বালেশ খেল আৰু সাংগীনাত যুদ্ধবিৰতি বলবৎ কৰাৰ প্ৰয়াসত নিজৰ বাহনত বগা পতাকা উত্তোলন কৰে। কিন্তু যুদ্ধংদেহী পক্ষই দখল কৰা খাদত আৰক্ষী নিয়োগ কৰাৰ পৰিকল্পনা প্ৰশাসনে ধাৰাবাহিকভাৱে গুলীচালনাৰ বাবে ব্যৰ্থ হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande