আৰাৰিয়া – গলগলিয়া ৰে'লপথ প্ৰকল্পৰ আৰাৰিয়া – ৰহমতপুৰ – আৰাৰিয়া কোৰ্ট ৰে'লপথ খণ্ড মুকলি
গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। ৰে'লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ), এন. এফ.চাৰ্কোলে আৰাৰিয়া-গলগলিয়া নতুন ৰে'লপথ প্ৰকল্পৰ আৰাৰিয়া কোৰ্ট–ৰহমতপুৰ খণ্ড (৩.৯৫ কিলোমিটাৰ) আৰু আৰাৰিয়া-ৰহমতপুৰ খণ্ডৰ (৪.২৯২ কিমি) পৰা ৱাই-সংযোগ মুকলিৰ বাবে অনুমোদন জনাইছে। আৰাৰ
আৰাৰিয়া – ৰহমতপুৰ – আৰাৰিয়া কোৰ্ট ৰেলপথ খণ্ডমুকলি


গুৱাহাটী, ২৯ নৱেম্বৰ (হি.স.)। ৰে'লৱে সুৰক্ষা আয়ুক্ত (চিআৰএছ), এন. এফ.চাৰ্কোলে আৰাৰিয়া-গলগলিয়া নতুন ৰে'লপথ প্ৰকল্পৰ আৰাৰিয়া কোৰ্ট–ৰহমতপুৰ খণ্ড (৩.৯৫ কিলোমিটাৰ) আৰু আৰাৰিয়া-ৰহমতপুৰ খণ্ডৰ (৪.২৯২ কিমি) পৰা ৱাই-সংযোগ মুকলিৰ বাবে অনুমোদন জনাইছে। আৰাৰিয়া– গলগলিয়া নতুন ৰে'ল পথ প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য হৈছে ১১০.৭৫ কিলোমিটাৰ।

২৮ নৱেম্বৰ, ২০২৪ তাৰিখে আৰাৰিয়া – গলগলিয়া নতুন ৰে'ল পথ প্ৰকল্পৰ অন্তৰ্গত আৰাৰিয়া কোৰ্ট-ৰহমতপুৰ-আৰাৰিয়া ষ্টেচনৰ মাজৰ নতুনকৈ স্থাপন কৰা খণ্ডটোৰ বিধিসন্মত পৰিদৰ্শন সম্পূৰ্ণ কৰাৰ পিছত, চিআৰএছ, এন.এফ চাৰ্কোল, শ্ৰী সুমিতসিংঘলে ৰে'ল পৰিচালনৰ বাবে অনুমোদন জনায়। সমগ্ৰ প্ৰকল্পটো বিহাৰ ৰাজ্যৰ অন্তৰ্গত আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ মণ্ডলৰ অধীনত পৰে। নৱনিৰ্মিত ব্ৰড-গজ ৰে'ল পথটো বৰ্তমানৰ ৰে'লৱে নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ লগতে আৰু সেই অংশত সমগ্ৰ ৰে'ল পৰিচালনৰ দক্ষতা উন্নত কৰাৰ মৌলিক উদ্দেশ্যৰে মুকলি কৰা হৈছে। এই নতুনকৈ স্থাপন কৰা ৰে'লপথটো এই পথৰ মাজেৰে অধিক মালবাহী আৰু যাত্ৰীবাহী পৰিবহনৰ বাবে সহায়ক হ'ব।

আৰাৰিয়া–গলগলিয়া নতুন ৰে'লপথ প্ৰকল্পটো ১১০.৭৫ কিলোমিটাৰৰ, যাৰ ভিতৰত আৰাৰিয়া কোৰ্ট, ৰহমতপুৰ আৰু আৰাৰিয়া ষ্টেচনৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ৮.২৪২ কিলোমিটাৰ অংশ আজি ৰে'ল পৰিচালনৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ পূৰ্বে এই নতুন ৰে'লপথ প্ৰকল্পৰ ২৩.২৪২ কিলোমিটাৰ ৰে'ল লাইন কাদোগাওঁ হল্ট, ভোগদাবৰ হল্ট হৈ পাৱাখালি ষ্টেচনৰ পৰা ঠাকুৰগঞ্জ ষ্টেচনলৈ জুন, ২০২৪ত মুকলি কৰা হৈছিল। এই প্ৰকল্পটোৱে খণ্ডটোৰ ভিৰ হ্ৰাস কৰাত সহায় কৰিব আৰু সেয়েহে এই খণ্ডটোত ৰে'ল সেৱাৰ সুগম চলাচল উপলব্ধ কৰিব। এই প্ৰকল্পটোৱে সমীপৱৰ্তী অঞ্চলটোত বৃহৎ সংখ্যক নিযুক্তি সৃষ্টি কৰিছে।ই সেই অঞ্চলত অধিক সংখ্যক ৰে'লৰ চলাচল কৰাত সহায় কৰিব যি অঞ্চলটোৰ লোকসকলৰ আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰিব। ইন্ধনৰ সঞ্চয় আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ উপৰিও এই প্ৰকল্পই সমীপৱৰ্তী অঞ্চলসমূহৰ পৰিবহনৰ ব্যয় হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক অৱস্থা যথেষ্ট উন্নত হ'ব। সামগ্ৰীৰ পৰিবহনো সুলভ হ'ব।

খণ্ডটোত তিনিটা ষ্টেচন ভৱন যেনে-আৰাৰিয়া, আৰাৰিয়া কোৰ্ট আৰু ৰহমতপুৰ ষ্টেচন আছে। যাত্ৰীৰ ব্যৱহাৰৰ বাবে ষ্টেচনসমূহত ৩ টাকৈ পুৰুষৰ শৌচালয় আৰু ২ টাকৈ মহিলা শৌচালয় আছে। এই খণ্ডত ০৪ খনবৃহৎ সেতু আৰু ০৬ খন সৰু সেতু আছে। ইয়াৰ উপৰিও, ষ্টেচনসমূহত যাত্ৰীসকলৰ বাবে খোৱা পানীৰ সুবিধাও প্ৰদান কৰা হৈছে। ৰে'লত যাত্ৰীসকলৰ উঠা – নমাৰ সুগমতাৰ বাবে ওখ প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande