নগাঁও, ২৯ নৱেম্বৰ (হি.স.)। নগাঁও জিলাৰ বটদ্ৰৱাৰ ধনিয়াভেটি চৌৰাপাৰাত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদুল ইছলামৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনসহ ৪,৮০,০০০ টকা জব্দ কৰে। এই সময়ছোৱাত এগৰাকী মহিলা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয়। বটাদ্ৰৱ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ কলিতাই এই অভিযানৰ নেতৃত্ব দিছিল ।
আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে, আৰক্ষীয়ে চলোৱা অভিযানত চতুৰতাৰে পলায়ন কৰে চোৰাংচোৱা হামিদুল ইছলাম। অৱশ্যে আৰক্ষীয়ে কৰায়ত্ত কৰে এগৰাকী মহিলা সৰবৰাহকাৰী। নগাঁৱৰ পশ্চিম অঞ্চলৰ পৰা এতিয়ালৈকে ৫ বাৰকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হামিদুল ইছলামক। কিন্তু, আইনৰ পৰা মুক্ত হৈ তেওঁ আকৌ ড্ৰাগছৰ ব্যৱসায়ত সোমাই পৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া