- ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ হ’বলগীয়া লেণ্ডিং প্লেটফৰ্ম ডকত থাকিব অত্যাধুনিক প্ৰযুক্তি
নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্ৰিটেইনৰ সৈতে ইলেক্ট্ৰিক প্ৰপালচন চিষ্টেমৰ বাবে প’ৰ্টছমাউথত তৃতীয়খন যৌথ কৰ্মগোটৰ বৈঠকৰ সময়ত এক উদ্দেশ্য পত্ৰত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে ভাৰতীয় নৌসেনাৰ জাহাজৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ সহ-ডিজাইন, সহ-নিৰ্মাণ আৰু সহ-উৎপাদন সম্ভৱ হ’ব, য’ত সম্পূৰ্ণ বৈদ্যুতিক প্ৰপালচন ব্যৱস্থাৰে পৰিকল্পিত লেণ্ডিং প্লেটফৰ্ম ডকও থাকিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত ভাৰতীয় নৌসেনাৰ বাবে বৈদ্যুতিক প্ৰপালচন ব্যৱস্থাৰ ডিজাইন আৰু বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ২৮ নৱেম্বৰত পৰ্টছমাউথত এখন লেটাৰ অৱ ইনটেণ্ট (এছ অ’ আই) স্বাক্ষৰিত হৈছে। এই উদ্দেশ্য পত্ৰত ভাৰতীয় পক্ষৰ পৰা যুটীয়া সচিব (নৌসেনা ব্যৱস্থা) ৰাজীৱ প্ৰকাশ আৰু ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জাহাজ পৰিচালনা আৰু সামৰ্থ্য সংহতিৰ সঞ্চালক ৰিয়াৰ এডমিৰেল ষ্টিভ মেককাৰ্থীয়ে স্বাক্ষৰ কৰে । এইটো এছ অ’ আই ইলেক্ট্ৰিক প্ৰপালচন কেপেবিলিটি পাৰ্টনাৰশ্বিপৰ তৃতীয় যৌথ কৰ্মগোট বৈঠকৰ অংশ। এই চুক্তিখনে উন্নত প্ৰযুক্তিৰ থলুৱা উন্নয়নক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতিৰো প্ৰতীক।
শুকুৰবাৰে মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই উদ্দেশ্য পত্ৰখনে ভৱিষ্যতে থলুৱা উদ্ভাৱন আৰু গভীৰ প্ৰতিৰক্ষা সহযোগিতাৰ প্ৰতি নৌসেনাৰ দায়বদ্ধতাক শক্তিশালী কৰিব। এই বুজাবুজি চুক্তিয়ে ভৱিষ্যতৰ নৌসেনাৰ জাহাজৰ বাবে বৈদ্যুতিক প্ৰপালচন ক্ষমতাৰ সহ-ডিজাইন, সহ-নিৰ্মাণ আৰু সহ-উৎপাদনৰ ক্ষেত্ৰত সহযোগিতাৰ এক বিস্তৃত কাঠামো হিচাপে কাম কৰিব। ইয়াৰ জৰিয়তে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ হ’বলগীয়া লেণ্ডিং প্লেটফৰ্ম ডকত সম্পূৰ্ণ বৈদ্যুতিক প্ৰপালচন ব্যৱস্থা স্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া