মাস্কাট, ২৯ নৱেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোৱে বৃহস্পতিবাৰে নিশা ওমানৰ মাস্কাটত অনুষ্ঠিত হোৱা দ্বিতীয়খন পুৰুষৰ জুনিয়ৰ এছিয়া কাপ ২০২৪ৰ মেচত জাপানৰ বিৰুদ্ধে ৩-২ গ’লত কঠোৰ যুঁজত জয়লাভ কৰে। ভাৰতৰ হৈ থকচোম কিংছন সিঙে (১২’) একাউণ্ট মুকলি কৰে যদিও অতি সোনকালেই জাপানৰ নিও সাতোৱে (১৫’, ৩৮’) গ’লেৰে সমতা স্থাপন কৰে। দ্বিতীয়ার্ধত ৰোহিতে (৩৬’) ভাৰতক অগ্রগতি দিয়ে যদিও নিও সাতোৱে পুনৰ সমতা স্থাপন কৰে ৷ তৃতীয় কোৱাৰ্টাৰৰ শেষত ভাৰতৰ হৈ অৰিজিৎ সিং হুণ্ডলে (৩৯’) পুনৰ অগ্ৰগতি প্ৰদান কৰি ভাৰতে এক গ’লৰ অগ্ৰগতি বজাই ৰাখি নিজৰ জয় নিশ্চিত কৰে।
দুয়োটা দলে আৰম্ভণিৰ হুইচেলৰ পৰাই ইজনে সিজনৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিছিল, যাৰ ফলত খেলৰ তিনি মিনিটৰ ভিতৰতে জাপানক পেনাল্টি কৰ্ণাৰ দিয়া হৈছিল যদিও বিক্ৰমজিৎ সিঙে সজাগ হৈ নিজৰ গ’লত কোনো ধৰণৰ ভাবুকি আহিব দিয়া নাছিল।
জাপানে উচ্চ চাপ প্ৰয়োগ কৰাৰ পিছতো ভাৰতে নিপুণভাৱে চতুৰ আকাশী বল আৰু চমৎকাৰ দক্ষতাৰে ইয়াক অতিক্ৰম কৰিলে। দুয়োটা দলে অৰ্থপূৰ্ণ প’ছেছনৰ বাবে সংগ্ৰাম কৰিছিল, আৰু প্ৰথম কোৱাৰ্টাৰত তিনি মিনিট বাকী থকা অৱস্থাত দিলৰাজ সিঙে ভাৰতৰ হৈ পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল, যিটোক থকচোম কিংছন সিঙে গ’ললৈ ৰূপান্তৰিত কৰি ভাৰতক অগ্ৰগতি দিছিল।
অৱশ্যে প্ৰথম কোৱাৰ্টাৰৰ অন্তিম মিনিটত জাপানে পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ লগতে ভাৰতীয় ডিফেন্সৰ কাষেৰে ড্ৰেগ ফ্লিকেৰে সমতা স্থাপন কৰে নিও সাটোৱে।
দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে ভাৰতে অগ্ৰগতি লাভৰ চেষ্টা চলাইছিল আৰু মনমীত সিঙে দুই মিনিটৰ ভিতৰতে গ’লৰক্ষকক দুবাৰকৈ পৰীক্ষা কৰিছিল যদিও কিশো কুৰোডাই দুয়োটা সময়তে ছেভ কৰিবলৈ সক্ষম হয়।
দুয়োটা দলে তীব্ৰ যুঁজ দিছিল যদিও কোৱাৰ্টাৰত ছয় মিনিট বাকী থকা অৱস্থাত জাপানক পেনাল্টি কৰ্ণাৰ দিয়ালৈকে কোনো স্পষ্ট সুযোগৰ সৃষ্টি নহ’ল। ভাৰতৰ প্রথম ৰাছাৰ ৰোহিতে জাপানক এই সুযোগৰ সুযোগ ল’ব নোৱাৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ কোৱাৰ্টাৰত দুমিনিট বাকী থকা অৱস্থাত জাপানী ফৰৱাৰ্ডসকলে দুটা পেনাল্টি কৰ্ণাৰ লাভ কৰে। অৱশ্যে ভাৰতে হাৰ নামানিল আৰু পেনাল্টি কৰ্ণাৰেৰে প্ৰত্যুত্তৰ দিলেও জাপানে উৎকৃষ্ট ছেভ কৰিলে প্ৰথমাৰ্ধ ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়।
তৃতীয় কোৱাৰ্টাৰতো একে ধৰণেৰে আৰম্ভ হোৱাত জাপানে প্ৰায় চাৰি মিনিটত দুটা পেনাল্টি কৰ্ণাৰ কৰে। অৱশ্যে উপ-অধিনায়ক ৰোহিত আৰু বিক্ৰমজিৎ সিঙে জাপানৰ এই প্ৰচেষ্টা বিফল কৰি ভাৰতে আগবাঢ়ি গৈ পেনাল্টি কৰ্ণাৰ লাভ কৰে। এইবাৰ ৰোহিতে গ’লৰক্ষকৰ কাষেৰে বলটো ঠেলি দি ভাৰতক অগ্ৰগতি প্ৰদান কৰে। সমতাৰ সন্ধানত জাপানৰ নিও ছাটোৱে পুনৰ পেনাল্টি কৰ্ণাৰত গ’ল দি স্ক’ৰ ২-২ কৰে। ভাৰতৰ হেঁচাত থকা অৱস্থাত আৰ্শদীপ সিঙে জাপানী চক্ৰৰ সমীপত বলটো ধৰি অৰিজিতক পাছ কৰি দিয়ে আৰু অৰিজিতে বলটো গ’ললৈ ৰূপান্তৰিত কৰি ভাৰতক ৩-২ গ’লত নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।
ভাৰতৰ পৰৱৰ্তী মেচখন ৩০ নৱেম্বৰত চীনৰ টাইপেইৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া