তামুলপুৰ, ২৯ নৱেম্বৰ (হি.স.)। আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ নৱেম্বৰ মাহৰ বিভাগীয় পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগ তথা মিছনৰ বিষয়াসকলে অংশগ্ৰহণ কৰা সভাখনত অধ্যক্ষতা কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। সভাৰ আৰম্ভণিতে উপস্থিত বিষয়াসকলক জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলাখনৰ সাফল্য সম্পৰ্কেও অৱগত কৰে। এই সাফল্যৰ বাবে বিষয়াসকলৰ সহযোগিতাৰো তেখেতে শলাগ লয়। তাৰ পাছতে বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰাৰ লগতে উন্নয়নমূলক পদক্ষেপসমূহ সময় মতে ৰূপায়ণৰ বিষয়ে আলোচনা কৰা হয়।
লগতে সংশ্লিষ্ট বিভাগ কিছুমানৰ বিষয়াসকলক ৰাইজৰ মাজলৈ গৈ সজাগতাৰ সৃষ্টি কৰিবলৈও তেওঁ আহ্বান জনায়। বিভাগসমূহৰ অধীনত চলি থকা আধৰুৱা কামসমূহ শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰতো জিলা আয়ুক্তগৰাকীয়ে সকলো বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰে। বিভাগসমূহৰ পৰস্পৰৰ মাজত আলোচনা তথা সমন্বয়ৰ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিয়ে। আজিৰ পৰ্যালোচনা সভাখনত কৃষি, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, সমাজ কল্যাণ, শিক্ষা, খাদ্য আৰু অসামৰিক, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ), জলসিঞ্চন, আবকাৰী, পৰিবহণ, হস্ততাঁত বস্ত্ৰ, মীনপালন, ৰেচম, ভূমি সংৰক্ষণ, শক্তি বিতৰণ, পশুপালনকে ধৰি মুঠ ২২টা বিভাগৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি অতিৰিক্ত আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে কাইলৈ, অৰ্থাৎ ৩০ নৱেম্বৰত অৱসৰগ্ৰহণ কৰিবলগা মহকুমা কৃষি বিষয়া ত্ৰিকেন্দ্ৰজিৎ তালুকদাৰক জিলা প্ৰশাসনে সভাৰ শেষত সম্বৰ্ধনা জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ