বাংলাদেশত গ্ৰেপ্তাৰ হিন্দু নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ বেংক একাউণ্ট ফ্ৰীজ
ঢাকা, ২৯ নৱেম্বৰ (হি.স.)। শেহতীয়াকৈ বাংলাদেশত গ্ৰেপ্তাৰ হোৱা হিন্দু নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ইস্কন) বাংলাদেশৰ সৈতে জড়িত ১৭ জন ব্যক্তিৰ বেংক একাউণ্ট ৩০ দিনৰ বাবে ফ্ৰী
বাংলাদেশত গ্ৰেপ্তাৰ হিন্দু নেতা চিন্ময় কৃষ্ণ দাস


ঢাকা, ২৯ নৱেম্বৰ (হি.স.)। শেহতীয়াকৈ বাংলাদেশত গ্ৰেপ্তাৰ হোৱা হিন্দু নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ইস্কন) বাংলাদেশৰ সৈতে জড়িত ১৭ জন ব্যক্তিৰ বেংক একাউণ্ট ৩০ দিনৰ বাবে ফ্ৰীজ কৰিবলৈ বাংলাদেশ ফাইনেন্সিয়েল ইনটেলিজেন্স ইউনিটে (বিএফআইইউ) নিৰ্দেশ দিছে। চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ নামো এই ক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

ঢাকা ট্ৰিবিউন কাকতৰ তথ্য অনুসৰি বৃহস্পতিবাৰে বিএফআইইউৱে এই নিৰ্দেশ জাৰি কৰে। বিএফআইইউৱে এই তথ্য দেশৰ বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিছে। এতিয়া এইসকল লোকে ৩০ দিন নিজৰ একাউণ্টৰ পৰা লেনদেন কৰিব নোৱাৰিব। একাউণ্ট ফ্ৰীজ কৰা ১৬ জন লোকৰ ভিতৰত কাৰ্তিক চন্দ্ৰ দে, অনিক পাল, সৰোজ ৰায়, সুশান্ত দাস, বিশ্ব কুমাৰ সিংহ, চণ্ডীদাস বালা, জয়দেৱ কৰ্মকাৰ, লিপি ৰাণী কৰ্মকাৰ, সুধামা গৌৰ দাস, লক্ষ্মণ কান্তি দাস, প্ৰিয়তোষ দাস, ৰূপন দাস, ৰূপন কুমাৰ ধৰ, আশীষ পুৰোহিত, জগদীশ চন্দ্ৰ অধিকাৰী আৰু সজল দাস।

এই ব্যক্তিসকলৰ মালিকানাধীন সকলো ব্যৱসায়ৰ বাবে এতিয়ালৈকে কৰা একাউণ্ট খোলাৰ প্ৰ-পত্ৰ, কে.ৱাই.চি. তিনি কৰ্মদিনৰ ভিতৰত এই তথ্য প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande