কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ 
নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি কৃষি, জলসম্পদ, নগৰৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। কেন্দ্ৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য মুকল
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি কৃষি, জলসম্পদ, নগৰৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। কেন্দ্ৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰি হ্ৰস্বম্যাদী কৃষি ঋণৰ সীমা উন্নীতকৰণকে ধৰি কেইবাটাও দাবীৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ দাখিল কৰে।

এই বৈঠকত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ লগতে উপ-মুখ্যমন্ত্ৰী তথা জলসিঞ্চন মন্ত্ৰী ডি কে শিৱকুমাৰ, শক্তি মন্ত্ৰী কে জে জৰ্জ আৰু নগৰ উন্নয়ন মন্ত্ৰী বৰ্থী সুৰেশো উপস্থিত থাকে।

স্মাৰক পত্ৰখনত মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্ণাটকৰ বাবে হ্ৰস্বম্যাদী কৃষি ঋণৰ সীমা নাবাৰ্ডে ভয়ংকৰভাৱে হ্ৰাস কৰিছে। ২০২৩-২৪ চনত ৫৬০০ কোটি টকাৰ পৰা ২০২৪-২৫ চনত মাত্ৰ ২৩৪০ কোটি টকালৈ ৫৮ শতাংশ হ্ৰাস পাইছে। সিদ্ধাৰমাইয়াই প্ৰধানমন্ত্ৰীক এই বিষয়ে চোৱাচিতা কৰিবলৈ অনুৰোধ জনায় আৰু কৰ্ণাটকৰ কৃষকসকলে যাতে ৰেহাই হাৰত কৃষি ঋণ লাভ কৰি থাকে তাৰ বাবে বিত্ত মন্ত্ৰালয়ক এই পৰিস্থিতি শুধৰণি কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় বাজেট ২০২৩-২৪ত অনুমোদিত উচ্চ ভদ্ৰা প্ৰকল্পৰ বাবে ৫৩০০ কোটি টকা বিচাৰিছিল। মুখ্যমন্ত্ৰীয়ে দুটা গুৰুত্বপূৰ্ণ জল প্ৰকল্প - কাবেৰী নদীৰ মেকেদাতু প্ৰকল্প আৰু মহাদয়ী নদীৰ কালাছাবন্দুৰী প্ৰকল্পৰ অনুমোদনৰ বাবেও জোৰ দিয়ে।

ৰাজ্যৰ নগৰীয়া আৰু ৰাজহুৱা পৰিবহণৰ বাবেও বিশেষ সাহায্যৰ বাবে মুখ্যমন্ত্রীয়ে অনুৰোধ জনায় ৷ ইয়াৰ উপৰিও তেওঁ ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা বিচাৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande