লৰেন্স বিষ্ণয়ৰ নামত নেপালী ব্যৱসায়ীক ভাবুকি দিওতাক অসমৰ পৰা গ্ৰেপ্তাৰ কৰি নেপাললৈ স্থানান্তৰ
কাঠমাণ্ডু, ২৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিআইবি)ৰ দলে যোৱা কেইসপ্তাহমানৰ পৰা নেপালৰ ৫০ জনতকৈ অধিক ব্যৱসায়ীক ফোন কৰি ধন দাবীৰ ভাবুকি দি অহা এজন ব্যক্তিক ভাৰতৰ অসমৰ গ্ৰেপ্তাৰ কৰিছে । ভাৰতীয় নিৰাপত্তা বাহিনীৰ সহায়ত গ্ৰেপ্তাৰ কৰা এ
চিআইবি


কাঠমাণ্ডু, ২৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিআইবি)ৰ দলে যোৱা কেইসপ্তাহমানৰ পৰা নেপালৰ ৫০ জনতকৈ অধিক ব্যৱসায়ীক ফোন কৰি ধন দাবীৰ ভাবুকি দি অহা এজন ব্যক্তিক ভাৰতৰ অসমৰ গ্ৰেপ্তাৰ কৰিছে । ভাৰতীয় নিৰাপত্তা বাহিনীৰ সহায়ত গ্ৰেপ্তাৰ কৰা এই ব্যক্তিজনক নেপালৰ সীমান্তলৈ অনাৰ পিছতে তেওঁক নেপালৰ নিৰাপত্তা বাহিনীৰ হাতত গতাই দিয়া হয়।

চিআইবিৰ মুখপাত্ৰ হবীন্দ্ৰ বুগটীয়ে শুকুৰবাৰে কয় যে লৰেন্স বিষ্ণোই গেঙৰ সদস্য বুলি দাবী কৰা এজন ব্যক্তিয়ে নেপালৰ পঞ্চাশজনৰো অধিক ব্যৱসায়ী, উদ্যোগপতি আৰু বেংকাৰক ফোন কৰি ধন দাবীৰ দাবী কৰিছে। তেওঁ ভাৰতীয় আৰু ডুবাইৰ মোবাইল নম্বৰৰ পৰা লৰেন্স বিষ্ণয়ৰ নামত ফোন কৰি ধনদাবীৰ ধন দিব নোৱাৰিলে হত্যা কৰাৰ ভাবুকি দিছিল।

আৰক্ষী অধীক্ষক বুগটীয়ে জানিবলৈ দিয়া মতে, ধৃত ব্যক্তি হৰি প্ৰসাদ ফুয়াল নেপালৰ ঝাপা জিলাৰ বাসিন্দা, কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁ নবীন পোখাৰেল নামেৰে অসমৰ বৰপেটাত বাস কৰিছিল। তাতেই তেওঁ নিৰ্বাচন আয়োগৰ ভোটাৰ পৰিচয় পত্ৰ আৰু ভাৰতীয় আধাৰ কাৰ্ডো পাইছিল। আনহাতে লোকজনক ডুবাইৰ চিম কাৰ্ড ক’ৰ পৰা কোনে প্ৰদান কৰিছিল সেই বিষয়ে চিআইবিয়ে তদন্ত কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande