নতুন দিল্লী, ২৯ নৱেম্বৰ (হি.স.)। জাৰ্মান গাড়ী নিৰ্মাতা বিএমডব্লিউৰ দুচকীয়া ইউনিট বিএমডব্লিউ মটৰৰেডে তেওঁলোকৰ সকলো বাহনৰ মূল্য ২.৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নতুন হাৰ।
শুকুৰবাৰে কোম্পানীটোৱে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা বিএমডব্লিউ মটৰৰেডে তেওঁলোকৰ সকলো বাহনৰ মূল্য ২.৫ শতাংশ বৃদ্ধি কৰিব। কোম্পানীটোৱে কয় যে সামগ্ৰিকভাৱে কেঁচামালৰ ব্যয় বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ চাপৰ বাবেই এই মূল্য বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ পূৰ্বে বিএমডব্লিউ ইণ্ডিয়াই ইতিমধ্যে জানুৱাৰীৰ পৰা নিজৰ সকলো গাড়ীৰ মূল্য তিনি শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াইও ভাৰতত নতুন বছৰৰ পৰা তিনি শতাংশ পৰ্যন্ত বাহনৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে।
উল্লেখযোগ্য যে দুচকীয়া বাহন নিৰ্মাতা বিএমডব্লিউ মটৰৰেডে ২০১৭ চনৰ এপ্ৰিল মাহত বিএমডব্লিউ গ্ৰুপৰ ভাৰতীয় সহযোগী কোম্পানী হিচাপে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছিল। এই ব্ৰেণ্ডটোৱে দেশত বিভিন্ন ধৰণৰ প্ৰিমিয়াম মটৰ চাইকেল আৰু স্কুটাৰ বিক্ৰী কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া