মানকাচৰ, ২৯ নৱেম্বৰ (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক কোচকাৱাচ অব্যাহত আছে দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাত। প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে কোচকাৱাচ।এই দৃশ্য মানকাচৰ সমষ্টিৰ মানুল্যাপাৰা গাঁও পঞ্চায়তৰ।
এনেদৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক কুচকাৱাচ চলোৱা পৰিলক্ষিত হৈছে।বিশেষকৈ মানকাচৰ সমষ্টিৰ কালাপানী জিলা পৰিষদত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ আশাবাদী প্ৰাৰ্থীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে এই প্ৰচাৰ অভিযান চলাইছে। কালি নিশা মানুল্যাপাৰা গাঁও পঞ্চায়তত এ আই ইউ ডি এফ দলৰ কৰ্মী সভাত বিধায়ক আমিনুল ইছলামে কংগ্ৰেছ দলক তীব্ৰ সমালচনা কৰাৰ লগতে এ আই ইউ ডি এফ দলৰ ভেটি মানকাচৰত লোক সভা নিৰ্বাচনৰ পিচৰে পৰাই দূৰ্বল বুলি স্বীকাৰ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ