এই মুহূৰ্তত বাতৰিৰ শিৰোনাম দখল কৰিছে গায়ক-সুৰকাৰ এ আৰ ৰহমান। এ আৰ ৰহমানে বিবাহ বিচ্ছেদ হৈ পত্নী ছাইৰা বানুৰ পৰা পৃথক হয়। বিবাহ বিচ্ছেদৰ কিছু ঘণ্টাৰ ভিতৰতে ৰহমানৰ সহকৰ্মী তথা গীটাৰিষ্ট মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত তেওঁলোকৰ প্ৰেমৰ বিষয়ে আলোচনা আৰম্ভ হ’ল। অৱশেষত এই সকলোবোৰ আলোচনাত মোহিনীয়ে নিজৰ মৌনতা ভংগ কৰিছে।
গীটাৰিষ্ট মোহিনী দেয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে, এ আৰ ৰহমান আৰু মোৰ বিৰুদ্ধে অহা তথ্যৰ কোনো ভিত্তি নাই। ই ভুল। মই শৈশৱত এ আৰ ৰহমানৰ সৈতে ছবি আৰু সংগীত ভ্ৰমণত কাম কৰিছিলোঁ। মই তেওঁক সন্মান কৰো। দুখৰ বিষয় যে মানুহৰ আনৰ প্ৰতি কোনো সন্মান বা সহানুভূতি নাই।
মোহিনীয়ে লিখিছে, মোৰ জীৱনত বহু আদৰ্শ আছে। মোৰ পিতৃয়েও মোৰ কেৰিয়াৰ আৰু লালন-পালনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এবছৰৰ আগতে হেৰুৱাইছো মোৰ পিতৃক। এ আৰ ৰহমান মোৰ বাবে এজন পিতৃৰ দৰে আৰু তেওঁৰ মোৰ কেৰিয়াৰত ডাঙৰ ভূমিকা আছে। তেওঁ মোক মোৰ সংগীতৰ জৰিয়তে জিলিকি উঠাৰ স্বাধীনতা দিলে। এনে বাৰ্তা বিয়পাই নিদিব আৰু আমাৰ ব্যক্তিগত জীৱনৰ সন্মান কৰক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া