নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি (পিএমএৱাই)য়ে বুধবাৰে ৮ বছৰ সম্পূৰ্ণ কৰিলে । এই আঁচনিৰ অধীনত এই পৰ্যন্ত চাৰি কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰে ৭৫ শতাংশ অৰ্থাৎ তিনি কোটি ঘৰ মহিলাৰ নামত। ইয়াৰ অধীনত আগন্তুক সময়ত ৫.৩৬ লাখ কোটি টকা ব্যয় সাপেক্ষে তিনি কোটি ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
বুধবাৰে বিজেপিৰ সভাপতি জে পি নড্ডাই ছ’চিয়েল মিডিয়াত ছবি শ্বেয়াৰ কৰি কয় যে পিএমএৱাই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক দূৰদৰ্শী পদক্ষেপ যাৰ লক্ষ্য হৈছে ‘সকলোৰে বাবে গৃহ নিৰ্মাণ’। এই ঐতিহাসিক আঁচনিখনে মহিলাসকলক গৃহস্বত্বাধিকাৰী হিচাপে সবলীকৰণ কৰি, প্ৰান্তীয় সম্প্ৰদায়ক উন্নীত কৰি আৰু ভাৰতৰ অতি দূৰৱৰ্তী চুকলৈও ঘৰ আনিবলৈ এক গেম-চেঞ্জাৰ হিচাপে কাম কৰি আহিছে।
তেওঁ কয় যে পিএমএৱাইৰ জৰিয়তে সৰ্বাংগীন বৃদ্ধিৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ অটল দায়বদ্ধতাই কেৱল আৰ্তজনৰ বাবে সমৰ্থন নিশ্চিত কৰাই নহয়, অৰ্থনৈতিক বিকাশ বৃদ্ধি আৰু অগণন জীৱিকাৰ সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা হৈছিল ৪ কোটি ঘৰ। ইয়াৰে তিনি কোটি ঘৰ মহিলাৰ নামত। ভৱিষ্যতে ৫.৩৬ লাখ কোটি টকা ব্যয়ৰে তিনি কোটি ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন, সূৰ্য্য ঘৰ, উজ্জ্বলা আঁচনিৰ অধীনত এল পি জি সংযোগ, পি এম সূৰ্য্য আদি বহুতো আঁচনি চলাই আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া