মণিপুৰত আৰু তিনিদিনলৈ বৃদ্ধি ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞা
ইম্ফল, ২০ নৱেম্বৰ (হি.স.)। মণিপুৰ চৰকাৰে ৰাজ্যৰ হিংসা প্ৰভাৱিত ৭খন জিলাত ভিছেট, ভিপিএনকে ধৰি সকলো মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰ
মণিপুৰত তিনিদিনলৈ বৃদ্ধি ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞা


ইম্ফল, ২০ নৱেম্বৰ (হি.স.)। মণিপুৰ চৰকাৰে ৰাজ্যৰ হিংসা প্ৰভাৱিত ৭খন জিলাত ভিছেট, ভিপিএনকে ধৰি সকলো মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰাৰ সময়সীমা আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰথমে ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত ১৮ নৱেম্বৰৰ পৰা দুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। কেৱল চৰকাৰী কাৰ্যালয় আৰু ৰাজ্য চৰকাৰে অনুমোদন জনোৱা নিৰ্দিষ্ট বিষয়তহে শিথিলতা দিয়া হৈছিল।

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত ২০ নৱেম্বৰৰ সন্ধিয়া ৫:১৫ বজাৰ পৰা ২৩ নৱেম্বৰৰ বিয়লি ৫:১৫ বজালৈ আৰু তিনিদিনৰ বাবে বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট নিধেধাজ্ঞা। টেলিকম সেৱাৰ অস্থায়ী নিলম্বন (ৰাজহুৱা জৰুৰীকালীন বা জনসাধাৰণৰ সুৰক্ষা) নিয়ম, ২০১৭ৰ নিয়ম ২ৰ অধীনত জাৰি কৰা এই নিৰ্দেশৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ সুৰক্ষা বজাই ৰখা আৰু উৰাবাতৰি প্ৰচাৰ ৰোধ কৰা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande