স্বাস্থ্য মৌলিক অধিকাৰ, ইয়াক নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব: নড্ডা
নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই বুধবাৰে ত্যাগৰাজ ক্ৰীড়া কমপ্লেক্সত বিশেষ অলিম্পিকৰ হেল্দি এথলেটিকচৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি নড্ডাই কয় যে স্বাস্থ্য এটা মৌলিক অধিকাৰ
নড্ডাৰ স্পেচিয়েল অলিম্পিক হেল্দি এথলেটিকচ শুভাৰম্ভ


নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই বুধবাৰে ত্যাগৰাজ ক্ৰীড়া কমপ্লেক্সত বিশেষ অলিম্পিকৰ হেল্দি এথলেটিকচৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ভাষণ দি নড্ডাই কয় যে স্বাস্থ্য এটা মৌলিক অধিকাৰ আৰু প্ৰতিজন ব্যক্তিয়ে যাতে তেওঁলোকৰ পটভূমি বা সামৰ্থ্য যিয়েই নহওক কিয়, সুস্থ জীৱনৰ বাবে প্ৰয়োজনীয় সম্পদসমূহৰ সুবিধা লাভ কৰাটো আমাৰ সামূহিক দায়িত্ব। ভাৰত চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে এই লক্ষ্যৰ দিশত অক্লান্তভাৱে কাম কৰি আছে।

নড্ডাই কয় যে বৌদ্ধিক আৰু বিকাশৰ ক্ষেত্ৰত অক্ষম ব্যক্তিসকলক পৰ্যাপ্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ দক্ষতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়। কেৱল শাৰীৰিক লক্ষণসমূহ চিনি পোৱাৰ বাবেই নহয়, আইডিডি থকা লোকসকলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণৰ বাবেও তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ ভিতৰত নিৰ্দিষ্ট স্বাস্থ্যজনিত চিন্তাসমূহ বুজি পোৱা, সৰল ভাষা ব্যৱহাৰ কৰি ফলপ্ৰসূভাৱে যোগাযোগ কৰা, সহায়ক যন্ত্ৰ ব্যৱহাৰ কৰা, আৰু তেওঁলোকৰ প্ৰয়োজন অনুসৰি দয়ালু যত্ন প্ৰদান কৰা আদি অন্তৰ্ভুক্ত।

এই উপলক্ষে ভাষণ দি তেওঁ বিশেষ অলিম্পিক ইণ্ডিয়াই স্বাস্থ্য পেছাদাৰীসকলক এক সৰ্বাংগীন স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত কৰা উল্লেখযোগ্য কামৰ শলাগ লয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande