জিয়ামেন, ২০ নৱেম্বৰ (হি.স.) । জাপানে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰত মঙলবাৰে চীনক ৩-১ গ’লত পৰাস্ত কৰে । ছেপ্টেম্বৰ মাহত দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম লেগৰ খেলখনত জাপানী দলটোৱে চীনক ৭-০ গ’লত পৰাস্ত কৰিছিল।
উৎকৃষ্ট ৰক্ষণাবেক্ষণেৰে খেলখন আৰম্ভ কৰিছিল চীনৰ দলটোৱে। অৱশ্যে ৩৯ মিনিটত কোকি ওগাৱাই কৰ্ণাৰ ক্ৰছৰ পৰা হেডেৰে গ’ল দি জাপানক ১-০ গ’লত অগ্ৰগতি লাভ কৰে। প্ৰথমাৰ্ধৰ ষ্টপেজ টাইমত জাপানে আন এটা কৰ্ণাৰ কিকত নিজৰ অগ্ৰগতি দুগুণ কৰে, যেতিয়া কো ইটাকুৰাৰ হেডাৰটো নেটত সোমাই যায়।
দ্বিতীয়ার্ধৰ তৃতীয় মিনিটত লিন লিয়াংমিঙে এটা গ’ল দি চীনৰ একাউণ্ট মুকলি কৰে আৰু স্ক’ৰ ২-১ হয় ৷
অৱশ্যে মাত্ৰ ছয় মিনিটৰ পাছতে জুনিয়া ইটোৱে সোঁফালৰ পৰা বক্সত সোমায় আৰু ওগাৱাই হেডাৰেৰে দ্বিতীয়টো গ’ল দি জাপানক ৩-১ গ’লত আগুৱাই লৈ যায়। ৭০ মিনিটত চীনৰ হৈ ৱেই শ্বিহাওৱে গ’ল দিয়াৰ ওচৰ চাপিছিল যদিও তেওঁৰ শ্বটটো জাপানৰ গ’লৰক্ষক জায়ন চুজুকিয়ে ৰখায়। চূড়ান্ত হুইচেললৈকে ৩-১ গ’লত অগ্ৰগতি বজাই ৰাখি মেচখনত জয়লাভ কৰে জাপানে।
পৰাজয়ৰ পিছতো চীনৰ দলৰ মুখ্য প্ৰশিক্ষক ব্ৰাংকো ইভাংকোভিচে কয় যে খেলপথাৰত নিজৰ খেলুৱৈসকলে দেখুওৱা যুঁজৰ মনোভাৱত তেওঁ সঁচাকৈয়ে সন্তুষ্ট।
তেওঁ কয়, আমাৰ খেলুৱৈসকলক লৈ মই সুখী। এটা শক্তিশালী জাপানী দলৰ বিৰুদ্ধে তেওঁলোকে সকলোৱে খেলপথাৰত কঠোৰ যুঁজ দিছিল আৰু আগবাঢ়ি যাবলৈ সাহস কৰিছিল। আমি প্ৰথমে কিছুমান ছেট পিচ ডিফেণ্ডিং এক্সাৰচাইজ কৰিছিলো। ভৱিষ্যতে আমাৰ ছেট পিছ ডিফেন্স উন্নত কৰিব আৰু আমাৰ খেলুৱৈসকলক খেলপথাৰত অধিক মনোনিৱেশ কৰাত সহায় কৰিব।'
জাপানৰ প্ৰশিক্ষক হাজিমে মৰিয়াছুৱে চীনা দলৰ সামৰ্থ্যক অতিশয় প্ৰশংসা কৰে।
তেওঁ কয়, আমাৰ প্ৰথম লেগৰ মেচৰ তুলনাত এইটো সম্পূৰ্ণ বেলেগ দল। চীনৰ প্ৰশিক্ষকসকলে তেওঁলোকৰ খেলুৱৈসকলক ভাল প্ৰদৰ্শন কৰাত সহায় কৰাৰ ক্ষেত্ৰত এক ডাঙৰ কাম কৰি আছে। আৰম্ভণিৰে পৰাই কঠিন খেল আছিল। আমাক বহু পিছুৱাই ঠেলি দিয়া হৈছিল, কিন্তু আমি ছেট পিছৰ পৰা দুটা গ’ল দিবলৈ সক্ষম হ’লোঁ৷”
আনহাতে, মঙলবাৰে ইণ্ডোনেছিয়াই ঘৰুৱা ক্ষেত্ৰত ছৌদি আৰৱক ২-০ গ’লত পৰাস্ত কৰি গ্ৰুপত প্ৰথমটো জয় পঞ্জীয়ন কৰে। এতিয়া জাপানে ১৬ পইণ্ট লাভ কৰি ৫টা জয় আৰু এটা ড্ৰ’ৰে গ্ৰুপৰ শীৰ্ষত থকাৰ বিপৰীতে ছৌদি আৰব, ইণ্ডোনেছিয়া আৰু চীনৰ গ্ৰুপত ৬টাকৈ পইণ্ট আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া