তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত অমৃত মিপুনৰ আত্ম সমৰ্পণ
তিনিচুকীয়া, ২০ নৱেম্বৰ (হি.স.)। তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত অমৃত মিপুন নামৰ দুৰ্বৃত্ত গৰাকীয়ে আজি জোনাই থানাত আত্ম সমৰ্পণ কৰে। আজি ৰাতিপুৱাই জোনাই থানাত আত্ম সমৰ্পণ কৰে অমৃত মিপুনে। আত্মসমৰ্পনৰ পিচতে গ্ৰেপ্তাৰ কৰা হয় অমৃত মিপুনক। অভিযুক
তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত অমৃত মিপুনৰ আত্ম সমৰ্পণ


তিনিচুকীয়া, ২০ নৱেম্বৰ (হি.স.)। তিনিচুকীয়া চাবুৱাৰ নাও দুৰ্ঘটনাত জড়িত অমৃত মিপুন নামৰ দুৰ্বৃত্ত গৰাকীয়ে আজি জোনাই থানাত আত্ম সমৰ্পণ কৰে। আজি ৰাতিপুৱাই জোনাই থানাত আত্ম সমৰ্পণ কৰে অমৃত মিপুনে।

আত্মসমৰ্পনৰ পিচতে গ্ৰেপ্তাৰ কৰা হয় অমৃত মিপুনক। অভিযুক্ত অমৃত মিপুনক লৈ তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ ৰাওনা জোনাই আৰক্ষী এটা দল। উল্লেখ্য যে দেওবাৰে তিনিচুকীয়াৰ ডিব্ৰু নৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জীৱন বচোৱাক মনোজ পৰইয়াক গুৰিয়াই নৈত পেলাই দিছিল মানুহৰ বেশত দানৱৰূপী অমৃত মিপুনে। অমৃত মিপুনে নাৱত উঠিব দিয়া নাছিল মনোজ পৰইয়াক। মনোজ পৰইয়াই প্ৰাণৰক্ষা কৰিছিল চাৰিজন লোকৰ। কিন্তু আনৰ প্ৰাণ ৰক্ষা কৰা মনোজক নাৱত উঠিব নিদিলে অমৃত মিপুনে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল অমৃত মিপুন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande