জৰ্জটাউন (গুয়ানা), ২০ নৱেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওখন দেশ ভ্ৰমণৰ অন্তিম পৰ্যায়ত গুয়ানাত উপস্থিত হৈছে। ব্ৰাজিল ভ্ৰমণ সম্পূৰ্ণ কৰি তেওঁ ইয়াত উপস্থিত হয়। নাইজেৰিয়াৰ পৰাই তেওঁ পাঁচদিনীয়া বিদেশ ভ্ৰমণ আৰম্ভ কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে চিত্ৰসহ গুয়ানাত উপস্থিত হোৱাৰ বিষয়ে এক্সত উল্লেখ কৰি লিখিছে, “কিছু সময়ৰ আগতে গুয়ানাত অৱতৰণ কৰিছিলোঁ। বিমানবন্দৰত মোক আদৰণি জনাবলৈ অহা ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক এণ্টনি ফিলিপছ, জ্যেষ্ঠ মন্ত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকললৈ মোৰ কৃতজ্ঞতা। মোৰ বিশ্বাস যে এই ভ্ৰমণে আমাৰ দেশসমূহৰ মাজত বন্ধুত্ব আৰু অধিক গভীৰ কৰি তুলিব।’’
প্ৰধানমন্ত্ৰী মোডী আজি আৰু কাইলৈ গুয়ানা ভ্ৰমণ কৰিব । ৫৬ বছৰৰ ভিতৰত তেওঁ গুয়ানা ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী। তেওঁৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে ১৯৬৮ চনত গুয়ানা ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গুয়ানাৰ সংসদৰ বিশেষ বৈঠকত ভাষণ দিব। কেৰিকম-ভাৰত সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। কেৰিবিয়ান দেশ ডমিনিকাই গুয়ানাত প্ৰধানমন্ত্ৰী মোডীক সৰ্বোচ্চ সন্মান ‘ডমিনিকা এৱাৰ্ড অৱ অনাৰ’ৰে সন্মানিত কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ