মানাকাচৰ, ২০ নৱেম্বৰ (হি.স.)। দক্ষিণ শালমাৰাৰ ধেনাৰকুঠিৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি গুৰুত্ব দি বহু প্ৰতীক্ষাৰ অন্তত আজি আধাৰশিলা স্থাপন কৰা হ'ল ফুলবাৰী ধেনাৰকুটি সংযোগী দলংৰ। দুখন ৰাজ্য সংযোগ কৰি স্থাপন হ'ব এখন বৃহৎ দলং।
স্বাধীনতাৰ আগৰেই পৰা জিঞ্জিৰাম নদীৰ ওপৰেৰে ভয়ংকৰ যাত্ৰা কৰিব লগা হৈছিল স্হানীয় ৰাইজৰ লগতে কন কন স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। ১০ কোটি ৩৮ লাখ টকাৰে নিৰ্মাণ হ'ব এই বৃহৎ দলং। দলং খনৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ( বৰ্তমান বিৰসিং জৰুৱা) ওৱাজেদ আলী চৌধুৰী , অতিৰিক্ত আয়ুক্ত ৰাহুল দলেৰ লগতে বিভাগীয় বিষয়া আৰু স্হানীয় ৰাইজ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ