কোকৰাঝাৰ, ২০ নৱেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেলৱে জংচনত ভয়ংকৰ ঘটনা৷এগৰাকী মানসিক ভাৰসাম্যহীন মহিলাৰ ভয়ানক কাণ্ডই আজি জোকাৰি গ’ল ফকিৰাগ্ৰাম ৰেলৱে জংচন৷ জানিব পৰা মতে আজি বিয়লি প্ৰায় ১৩.৩০ বজাত ফকিৰাগ্ৰাম ৰেলৱে জংচনত ৰৈ থকা নামনিমুৱা তেল পৰিবাহী টেংকাৰৰ চিৰি বগাই ওপৰলৈ উঠি যায় এগৰাকী মানসিকভাৱে অসুস্থ মহিলাই৷ জানিব পৰা মতে ফকিৰাগ্ৰাম জংচনত ২ নং প্লেটফৰ্মত ৰৈ থকা নামনিমুৱা তেল পৰিবাহী টেংকাৰৰ চিৰি বগাই তেলৰ টেংকাৰ উঠা মহিলাগৰাকীয়ে বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে৷
মহিলাগৰাকীয়ে উচ্চ ক্ষমতাসম্পন্ন অ'এইচ ই তাঁৰৰ সংস্পৰ্ষলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ তেল পৰিবাহী বিটিপিএনৰ টেংকাৰৰ ওপৰত জ্বলিবলৈ আৰম্ভ কৰে। এই ভয়ানক দৃশ্য প্ৰত্যক্ষ কৰা মাত্ৰকে কৰ্তব্যৰত আৰপিএফৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মিত্ৰ আৰু জি আৰ পিৰ বিজয় কুমাৰ সিং সহ জোৱান আৰু কৰ্মচাৰী সকলে ঘটনাস্থলীত উপস্থিত হৈ বাঁহৰ লাঠি ব্যৱহাৰ কৰি মৃতদেহটো তললৈ ঠেলি দিয়ে।এই প্ৰক্ৰিয়াৰ সময়ত বিটিপিএন ৱেগনৰ কভাৰ জ্বলিবলৈ আৰম্ভ কৰে যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে বহু চেষ্টাৰ মুৰত জুইৰ শিখা নুমুৱাবলৈ সক্ষম হয়৷ কৰ্তব্যৰত আৰ পি এফ আৰু জি আৰ পিৰ সাহসী আৰু সময়োপযোগী পদক্ষেপৰ বাবে এটা বিপৰ্যয়জনক পৰিস্থিতি ৰোধৰ লগতে আৰ এল আইৰ সম্পত্তিৰ ভয়ংকৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে৷ জানিব পৰা মতে বিয়লি প্ৰায় ১৩.৫৫ বজাত জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হয়। সম্প্ৰতি ফকিৰাগ্ৰাম ৰেলৱে জংচনত এতিয়া পৰিস্থিতি স্বাভাৱিক বুলি জানিব পৰা গৈছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ