মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশত আৰু ঝাৰখণ্ডত ৬৭ শতাংশতকৈ অধিক ভোটদান
- নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাক আওকাণ কৰাৰ বাবে উত্তৰ প্ৰদেশত নিলম্বিত ৭ জন আৰক্ষী নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ এটা পৰ্যায়ত ২৮৮খন বিধানসভা আসন আৰু ঝাৰখণ্ডৰ ৩৮খন বিধানসভা আসনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ
ভোদদান


- নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাক আওকাণ কৰাৰ বাবে উত্তৰ প্ৰদেশত নিলম্বিত ৭ জন আৰক্ষী

নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। মহাৰাষ্ট্ৰৰ এটা পৰ্যায়ত ২৮৮খন বিধানসভা আসন আৰু ঝাৰখণ্ডৰ ৩৮খন বিধানসভা আসনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয়। পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হৈছিল আৰু শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ আছিল। উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ সময়ত বিভিন্ন অভিযোগ লাভ কৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি মুঠ ৭ জন আৰক্ষী জোৱানক নিলম্বন কৰা হয়।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈকে মহাৰাষ্ট্ৰৰ ভোটকেন্দ্ৰসমূহত ৫৮.২২ শতাংশ ভোটগ্ৰহণ আৰু ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ ভোটদান হয়। নিৰ্ধাৰিত সময়ৰ পিছতো শাৰী পাতি থকা কিছুমান ভোটকেন্দ্ৰত ভোটদান চলি আছে, য’ত ভোটদানৰ সময় শেষ হোৱাৰ আগতেই ভোটাৰসকলে শাৰী পাতি থিয় হৈ আছিল। ইয়াৰ দ্বাৰা চূড়ান্ত পৰিসংখ্যা বৃদ্ধি পাব পাৰে। আজি উত্তৰ প্ৰদেশৰ ৯টা বিধানসভা সমষ্টি, পঞ্জাৱৰ ৪টা বিধানসভা সমষ্টি, উত্তৰাখণ্ডৰ কেদাৰনাথ বিধানসভা সমষ্টি আৰু কেৰালাৰ পলাক্কাড বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

ইয়াৰ লগে লগে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা আৰু উপ-নিৰ্বাচনৰ সৈতে জড়িত ভোটগ্ৰহণ প্ৰক্ৰিয়া দুটা পৰ্য্যায়ত ১৫খন ৰাজ্যৰ ৪৮খন বিধানসভাৰ আসন আৰু ২খন সংসদীয় আসনত সম্পূৰ্ণ হ’ল। সন্ধিয়া ৫ বজালৈকে ঝাৰখণ্ডত গড় ভোটদানৰ হাৰ আছিল ৬৭.৫৯ শতাংশ, যিটো ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই বিধানসভা সমষ্টিসমূহৰ গড় ভোটদানৰ হাৰ ৬৭.০৪ শতাংশতকৈ অধিক। মহাৰাষ্ট্ৰত বিয়লি ৫ বজালৈকে গড় ভোটদান আছিল ৫৮.২২ শতাংশ। আয়োগে ভোটদান সহজ কৰি তোলাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি মানুহক প্ৰেৰণা যোগাবলৈ প্ৰচাৰ চলোৱাৰ পাছতো ৰাজ্যৰ মুম্বাই, পুনে, থানে আদি চহৰ অঞ্চলত ভোটাৰৰ অংশগ্ৰহণ কম হৈয়েই থাকিল।

আয়োগৰ তথ্য অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ডাঃ সুখবীৰ সিং সন্ধুৱে ভোটগ্ৰহণত অংশগ্ৰহণ বৃদ্ধিৰ ব্যৱস্থাকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰতিটো দিশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। উত্তৰ প্ৰদেশৰ একাংশ বিধানসভা সমষ্টিত স্বেচ্ছাচাৰী তদন্ত আৰু ভোটাৰক ভোটদানত বাধা দিয়াৰ অভিযোগ নিৰ্বাচন আয়োগে লাভ কৰে। এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে পুংখানুপুংখ তদন্তৰ অন্তত মোৰাদাবাদ, কানপুৰ আৰু মুজাফ্ফৰ্নগৰত তদন্ত সম্পৰ্কীয় নীতি-নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে ৭ জন আৰক্ষী জোৱানক নিলম্বন কৰা হয়।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংশ্লিষ্ট সকলো জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষক আৰু ১৩ জন কেন্দ্ৰীয় পৰ্যবেক্ষকক মহাৰাষ্ট্ৰত কোনো সম্প্ৰদায়ৰ প্ৰতি কোনো পক্ষপাতিত্ব নোহোৱাকৈ মুক্ত, নিকা আৰু নিৰপেক্ষ নিৰ্বাচনী প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত মহাৰাষ্ট্ৰৰ গড়চিৰোলি আৰু ঝাৰখণ্ডৰ গিৰিডিহকে ধৰি দুয়োখন ৰাজ্যৰ অঞ্চলত শৃংখলাবদ্ধভাৱে ভোটদান চলিছিল। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ দীঘলীয়া শাৰী প্ৰত্য়ক্ষ কৰা হৈছিল। সন্ধিয়া ৫ বজালৈকে গাডচিৰোলিত গড় ভোটৰ হাৰ ৬৯.৬৩ শতাংশ। ক্ৰিকেটাৰ তথা ইচিআইৰ ৰাষ্ট্ৰীয় আইকন শচীন টেণ্ডুলকাৰে পৰিয়ালৰ সৈতে ভোটদান কৰি আনকো ভোট দিবলৈ আহ্বান জনায়।

৯.৭ কোটিৰো অধিক ভোটাৰ থকা মহাৰাষ্ট্ৰৰ ২৮৮খন বিধানসভা আসনৰ বাবে মুঠ ৪১৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ঝাৰখণ্ডৰ ১২খন জিলাৰ ৩৮টা বিধানসভা সমষ্টিত বৃহৎ সংখ্যক ভোটাৰে ভোটদান কৰে। জনজাতীয় ভোটাৰৰ মাজত অংশগ্ৰহণ বৃদ্ধিৰ বাবে আয়োগে ঐক্যবদ্ধ প্ৰচেষ্টা চলাইছিল। দ্বিতীয় পৰ্যায়ৰ বাবে ৪৮টা অনন্য ভোটগ্ৰহণ কেন্দ্ৰ সৃষ্টি কৰা হৈছিল, যিবোৰ জনজাতীয় সংস্কৃতি আৰু উপাদানসমূহ প্ৰতিফলিত কৰা বিষয়বস্তুৰে সজাই তোলা হৈছিল। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৮টা বিশেষভাৱে দুৰ্বল জনজাতীয় গোটৰ ১.৭৮ লাখ সদস্যৰ ভোটাৰ তালিকাত ১০০ শতাংশ নামভৰ্তি নিশ্চিত কৰা হৈছিল। ১৫টা বিধানসভা সমষ্টি আৰু নন্দেদ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনো আজি সমাপ্ত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande