অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পশ্চিম বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পশ্চিম বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখ্য যে প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰক
নিৰ্মীয়মান শ্বহীদ স্মাৰক পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ


গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত পশ্চিম বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখ্য যে প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো ১০ ডিচেম্বৰ অথা ২০২৫ বৰ্ষৰ প্ৰথম ভাগত ৰাইজৰ বাবে মুকলি কৰা হব।

মুখ্যমন্ত্ৰী ড. শৰ্মাই শ্বহীদ স্মাৰক নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ স্মৃতিত ৰাজ্য চৰকাৰে এই স্মাৰক নিৰ্মাণৰ কাম হাতত লৈছে। তেওঁ কয় যে এই স্মাৰকৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত এই প্ৰকল্পত লাইট এণ্ড চাউণ্ড শ্বো আৰু এটা প্ৰেক্ষাগৃহ সংযোজন কৰা হব।

এই স্মাৰকত অসম আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতিমূৰ্তি থকাৰ লগতে এটা মেডিটেশ্যন হল, অসম আন্দোলনৰ স্মৃতি বিজড়িত ফটোগ্ৰাফ, থলুৱা খাদ্যৰ বিপণী আদি কৰি বিভিন্ন সা সুবিধা দৰ্শনাৰ্থীৰ বাবে উপলব্ধ হ’ব বুলি মুখ্য়মন্ত্ৰীয়ে কয়। তেওঁ কয় যে এই শ্বহীদ স্মাৰকটো অসম আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতিত সামূহিকভাৱে প্ৰতীকি অৰ্থত নিৰ্মাণ কৰা হৈছে। ২২৫ ফুট উচ্চতাৰ এই স্মাৰকটি বিশ্বৰ অন্যান্য ওখ টাৱাৰসমূহৰ তালিকাত সন্নিবিষ্ট হ’ব বুলিও তেওঁ কয়। দৰ্শনাৰ্থীসকলে এই সু উচ্চ স্মাৰক পৰিদৰ্শন কৰা কালছোৱাত দীপৰ বিলৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব বুলি তেওঁ কয়। এই স্মাৰকটোৰ বাকী থকা ১০শতাংশ কাম আগন্তুক শ্বহীদ দিৱস অৰ্থাত ১০ ডিচেম্বৰৰ আগতে সম্পূৰ্ণ হৈ উঠিলে শ্বহীদ দিৱসৰ দিনাই অথবা ২০২৫ বৰ্ষৰ প্ৰথম ভাগত ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলিও মখ্যমন্ত্ৰীয়ে ব্য়ক্ত কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ (গৃহ) বিভাগ আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰকল্পটো নিৰ্মাণ সম্পৰ্কত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব নীৰা ডাউলাগাপুৰ লগতে লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমীত চট্টাৱান প্ৰমুখ্যে লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande