নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। আজি মহাৰাষ্ট্ৰৰ ২৮৮খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ইফালে বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যে বিৰোধীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিটকইন কেলেংকাৰিৰ ধন ব্যৱহাৰ কৰিছে। বিজেপিয়ে কয় যে সুপ্ৰিয়া চুলে আৰু নানা পাটোলেৰ অডিঅ’ টেপ সম্পৰ্কত মহা বিকাশ আঘাড়ী আৰু কংগ্ৰেছে স্পষ্টীকৰণ দিব লাগে।
বুধবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ মুখপাত্ৰ তথা সাংসদ সম্বিত পাত্ৰই কয় যে সুপ্ৰিয়া চুলেৰ এনে ৪টা অডিঅ’ পোহৰলৈ আহিছে। আজি সুপ্ৰিয়া চুলে কৈছে যে ইয়াক কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)ৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এই টেপটোৰ মাতটো তেওঁ নিজৰ বুলি মানি লোৱা নাই, আনহাতে তেওঁৰ নিজৰ ভায়েকে এই মাত তেওঁৰেই বুলি কৈছে। তেওঁ কয় যে অডিঅ’ টেপটোত সুপ্ৰিয়া চুলে কি নিৰ্দেশনা দিছে সেয়া স্পষ্টকৈ শুনিব পাৰি আৰু কেৱল সুপ্ৰিয়া চুলেই নহয়, নানা পাটোলেকো শুনিব পাৰি যে তেওঁ উপায়ুক্ত অমিতাভ গুপ্তাক কেনেকৈ নিৰ্দেশনা দিছে।
সম্বিত পাত্ৰই কয় যে যিধৰণে এই বোৰ ঘটনা ঘটি আছে আৰু কোটি কোটি টকা জড়িত হৈ আছে, আমি বিচাৰো যে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰক আৰু লগতে তেওঁ নানা পাটোলক তথা সুপ্ৰিয়া চুলেক নিৰ্দেশনা দিয়া নাছিল নেকি সেই বিষয়ে তেওঁৰ ফালৰ পৰা ব্যাখ্যা দিয়ক? ২৩৫ কোটি টকাৰ এই লেনদেন ডুবাইৰ পৰা হৈছে, ইয়াৰ আঁৰৰ বাস্তৱতা কি? কংগ্ৰেছে ৰাইজৰ উত্তৰ দিব লাগে। ইয়াৰ পূৰ্বে মঙলবাৰে নিশা বিজেপিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে, য’ত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে ডিলাৰ, অমিতাভ গুপ্তা, সুপ্ৰিয়া চুলে, নানা পাটোলেৰ মাজত হোৱা কথা-বতৰাৰ অডিঅ’ শ্বেয়াৰ কৰে। তেওঁ প্ৰশ্ন কৰে- ডিলাৰে কৈ থকা সেই ডাঙৰ মানুহবোৰ কোন?
উল্লেখযোগ্য যে পুনেৰ প্ৰাক্তন আই পি এছ বিষয়া ৰবীন্দ্ৰ নাথ পাটিলে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিটকইন কেলেংকাৰিৰ ধন ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া