গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। অসমত ১৪ নৱেম্বৰ ৰাষ্ট্ৰীয় শিশু দিৱসৰ পৰা আৰম্ভ হোৱা অসম আৰক্ষীৰ শিশু অধিকাৰ সপ্তাহ উদযাপনৰ আজি সামৰণি পৰে। বিশ্ব শিশু দিৱসৰ দিনা গো ব্লু শীৰ্ষক এক কাৰ্য্যসূচীৰে বিশ্ব শিশু দিৱস বিশ্বজুৰি শিশুৰ অধিকাৰৰ প্ৰসাৰৰ বাবে পালন কৰা হয়, আৰু ইউনিচেফে আম্ভ কৰা গো ব্লু অভিযানত সংহতি প্ৰদৰ্শনৰ বাবে চৰকাৰী ভৱন আদি অট্টালিকাসমূহ নীলা ৰঙেৰে পোহৰাই তোলা হয়।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সমূহ আৰু কিছুমান আৰক্ষী থানাক শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰতীকী নীলা ৰঙেৰে আলোকিত কৰা হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে শিশু অধিকাৰৰ প্ৰতীক হিচাপে নীলা ৰঙেৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ক আনুষ্ঠানিকভাৱে পোহৰাই তুলিলে আজি সন্ধিয়া। গয়িং ব্লুৰ জৰিয়তে অসম আক্ষীয়ে শিশুৰ অধিকাৰ বিশেষকৈ ভুক্তভোগী আৰু আইনৰ লগত সংঘাত থকা শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তোলে। প্ৰথম সহাৰিদাতা হিচাপে এই শিশুসকলে ন্যায় নিশ্চিত কৰাত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইউনিচেফআৰু উৎসাহ শিশু অধিকাৰ সংস্থাৰ সহযোগত অসম আৰক্ষীৰ অন্যান্য শিশু মিত্ৰ প্ৰকল্পৰ লক্ষ্য হৈছে আৰক্ষীৰ সঁহাৰিৰ ব্যৱস্থা শক্তিশালী কৰা আৰু সকলো স্তৰতে শিশুৰ অধিকাৰ সুৰক্ষিত কৰা। এই কাৰ্য্যসূচী ভাৰতৰ অন্যতম বৃহৎ এক শিশুৰ প্ৰতি বন্ধুত্বপূৰ্ণ পদক্ষেপ।
ইফালে এই অনুষ্ঠান সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদান কৰি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয়, অসম আৰক্ষী সদায় শিশু অধিকাৰৰ প্ৰতি দৃঢ় বিশ্বাসী। এই সপ্তাহজোৰা উদযাপনৰ অন্ত পেলোৱাৰ লগে লগে তেওঁ আমাৰ আৰক্ষী ব্যৱস্থাৰ সংস্পৰ্শলৈ অহা প্ৰতিজন শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে অসম আৰক্ষীৰ হৈ প্ৰতিজন শিশুক বিশ্ব শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনায় অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী