গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। ভাৰতীয় ৰে'লৱেই সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। উন্নত সেৱা প্ৰদান আৰু বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ অৰ্থে ভাৰতীয় ৰেলৱেই ইয়াৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে, নৱেম্বৰ, ২০২৪ ৰ ভিতৰত প্ৰায় ৩৭০খন নিয়মীয়া ৰেলত ১,০০০ত কৈও অধিক নতুন জিএছ (জেনেৰেল ছিটিং) ডবা সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে প্ৰায় ১লাখ অতিৰিক্ত যাত্ৰীক দৈনিক ভিত্তিত জেনেৰেল ছিটিং ডবাত ভ্ৰমণ কৰিবলৈ সক্ষম কৰি তুলিব, যিঅন্তৰ্ভূক্তি আৰু সুবিধাৰ ক্ষেত্ৰত ৰে'লৱেৰ গুৰুত্ব প্ৰদৰ্শন কৰিছে।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ভাৰতীয় ৰে'লৰ সফলতাত অৰিহণা যোগাবলৈ সক্ষম হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেই ইতিমধ্যে ৩৬খন ৰেল/৬৯ খন ৰেকত ২৭৬টা জেনেৰেল ছিটিং ডবাৰ সংযোজন কৰিছে,যাৰ ফলত ইয়াৰ অন্তৰ্গত সমগ্ৰ সংমণ্ডলত আৰু অন্যান্য যাত্ৰীসকলক অধিক সা-সুবিধা আৰু সুগমতা প্ৰদান কৰিছে। তদুপৰি, উত্তৰ পূব সীমান্ত ৰেলৱেই ডিচেম্বৰ, ২০২৪ ৰ শেষৰ ফালে তিনিখন অতিৰিক্ত ৰেলতআৰু ১৬টা জেনেৰেল ছিটিং ডবা সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰচেষ্টাসমূহে যাত্ৰী সেৱা উন্নত কৰা আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে ৰে’ল যাত্ৰাক অধিক আৰামদায়ক আৰু অন্তৰ্ভূক্ত কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ৰে'ল ভ্ৰমণৰ ক্ষেত্ৰত জনসাধাৰণৰ বৰ্ধিত আগ্ৰহক স্বীকৃতি প্ৰদানেৰে ভাৰতীয় ৰেলৱেই ইয়াৰ ৰে'লসমূহলৈ জেনেৰেল ছিটিং ডবা বৃদ্ধি কৰি ইয়াৰ কোচ সম্প্ৰসাৰণৰ প্ৰচেষ্টাকো ত্বৰান্বিত কৰি আহিছে। কেৱল জুলাই আৰু অক্টোবৰ মাহৰ ভিতৰত, প্ৰায় ৩৭০খন ৰেলত ৬০০টা জেনেৰেল ছিটিং ডবা সংযোজিত কৰা হয়, যি নৱেম্বৰ, ২০২৪ ৰ ভিতৰত সৰ্ব্বমুঠ ১,০০০ টা ডবাত উপনীত হয়। তদুপৰি, পৰৱৰ্তী দুবছৰত ৬,০০০ত কৈও অধিক জেনেৰেল ছিটিং ডবা আৰু অতিৰিক্ত শ্লীপাৰ শ্ৰেণীৰ ডবাকে ধৰি ১০,০০০ৰো অধিক নন এচি ডবা অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা চলি আছে। এই উচ্চাভিলাষী সম্প্ৰসাৰণে দৈনিক প্ৰায় ৮লাখ অতিৰিক্ত যাত্ৰীক ৰে'ল যাত্ৰা কৰিবলৈ সক্ষম কৰি তুলিব, যাৰ ফলত সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে সুগমতা যথেষ্ট বৃদ্ধি হ'ব। এই নতুনকৈ নিৰ্মিত ডবাসমূহে উন্নত এলএইচবি (লিংকে হফমেন বুছ) ডিজাইনৰ,যিয়ে অধিক আৰাম, গতিবেগ আৰু সুৰক্ষা প্ৰদান কৰে। এলএইচবি ডবাসমূহ কেৱল লঘূ আৰু মজবুত হোৱাই নহয় আনহাতে দুৰ্ঘটনাৰ ক্ষেত্ৰতো ন্যুনতম ক্ষতিসাধন হয় যাৰ ফলত পৰম্পৰাগত আইচিএফ ডবাসমূহৰ তুলনাত যাত্ৰী সুৰক্ষা উন্নত হোৱাতো নিশ্চিত কৰে।
উত্তৰ পূব সীমান্ত ৰেলৱেই নিজৰ তৰফৰ পৰা, সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতি ইয়াৰ সমৰ্পনৰ দিশত দৃঢ় হৈ আছে যাৰ ফলত এই সংমণ্ডলৰ ভিতৰত আৰু দেশজুৰি ভ্ৰমণৰ অভিজ্ঞতাক অধিক উন্নত কৰি তুলিছে। এই সুবিধাসমূহৰ সম্প্ৰসাৰণে ৰে'ল ভ্ৰমণক সকলোৰে বাবে সুৰক্ষিত, অধিক সুবিধাজনক আৰু সামগ্ৰিক পৰিবহন পদ্ধতিলৈ ৰূপান্তৰিত কৰাৰ ইয়াৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি একপ্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী