সৰুপথাৰত আছু প্ৰতিবাদ
গোলাঘাট, ২০ নৱেম্বৰ (হি.স.)। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুলাংঠা গাওঁত বি আই পি এল নামৰ পথ নির্মাণকাৰী সংস্থাই প্রদূষণ নিয়ম উলংঘা কৰি মিক্সাৰ মেচিন সংস্থাপন কৰাক লৈ আজি সৰৱ আছু । মেচিনটোৰ পৰা নির্গত হোৱা ক'লা ধোৱা আৰু দুৰ্গন্ধৰ ফলত বায়ু প্ৰদূষণ হোৱ
সৰুপথাৰত আছু প্ৰতিবাদ


গোলাঘাট, ২০ নৱেম্বৰ (হি.স.)। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুলাংঠা গাওঁত বি আই পি এল নামৰ পথ নির্মাণকাৰী সংস্থাই প্রদূষণ নিয়ম উলংঘা কৰি মিক্সাৰ মেচিন সংস্থাপন কৰাক লৈ আজি সৰৱ আছু ।

মেচিনটোৰ পৰা নির্গত হোৱা ক'লা ধোৱা আৰু দুৰ্গন্ধৰ ফলত বায়ু প্ৰদূষণ হোৱাৰ লগতে অঞ্চলটোৰ সৰুলাংঠা, প্রেমহৰা, মৰাণগাওঁ আদি দাতিকাষৰীয়া গাঁওৰ ৰাইজে দুর্ভোগ ভুগিব লগা হোৱা বুলি অভিযোগ ছাত্র সন্থাৰ। বি আই পি এল নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে উক্ত মিক্সাৰ মেচিনটো স্থানান্তৰ নতুবা বন্ধ কৰিবৰ বাবে কিছুদিন আগেয়ে ধনশিৰি মহকুমা ছাত্ৰ সন্থা আৰু বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে সৰুপথাৰ সমজিলাৰ সমআয়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আৰু নিৰ্মাণকাৰী কোম্পানীটোৱে কাম সমূহ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু নিৰ্মাকাৰী সংস্থা আৰু প্ৰশাসনে ন দিন হৈ যোৱা পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধ প্ৰতিবাদী কায্যসুচী ৰূপায়ণ কৰাৰ লগতে আৰু তিনি দিনৰ ভিতৰত কাম সমূহ নকৰে আছুৰ লগতে গাঁৱবাসীয়ে অনিৰ্দিষ্টকাললৈ তলা বন্ধ কৰি দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande