ব্ৰিকছ দেশসমূহৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজান চহৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। ব্ৰিকছ দেশসমূহৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মঙলবাৰে ৰাছিয়াৰ কাজান চহৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিয়লি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য ভাগ-বতৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়
বিমানবন্দৰত আদৰণি জনাই কাজানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী


বিমানবন্দৰত আদৰণি জনাই কাজানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী


নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। ব্ৰিকছ দেশসমূহৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মঙলবাৰে ৰাছিয়াৰ কাজান চহৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিয়লি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য ভাগ-বতৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে কিছু সময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ কাজানত উপস্থিত হৈছিল। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, সম বিশ্ব উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা শীৰ্ষক বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত ব্ৰিকছ সন্মিলনে নেতাসকলৰ বাবে বিশ্বৰ মূল বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব। এই সন্মিলনে ব্ৰিকছে আৰম্ভ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন আৰু ভৱিষ্যতৰ সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ এক মূল্যৱান সুযোগ প্ৰদান কৰিব।

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিকে ধৰি অন্যান্য নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande