কাশ্মীৰ উপত্যকাৰ বহু জিলাত কাউণ্টাৰ ইনটেলিজেন্সৰ অভিযান
-সন্ত্রাসবাদী নিযুক্তি মডিউলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা শ্ৰীনগৰ, ২২ অক্টোবৰ (হি.স.)। কাশ্মীৰ উপত্যকাৰ কাউণ্টাৰ ইনটেলিজেন্সে আজি পুৱা কেইবাখনো জিলাত সন্ত্ৰাসবাদী নিযুক্তি মডিউলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীনগৰ, গণ্ডাৰবল, বুডগাম, বান্দিপোৰা,
কাউণ্টাৰ ইনটেলিজেন্স (ফাইল ফোটো)


-সন্ত্রাসবাদী নিযুক্তি মডিউলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা

শ্ৰীনগৰ, ২২ অক্টোবৰ (হি.স.)। কাশ্মীৰ উপত্যকাৰ কাউণ্টাৰ ইনটেলিজেন্সে আজি পুৱা কেইবাখনো জিলাত সন্ত্ৰাসবাদী নিযুক্তি মডিউলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীনগৰ, গণ্ডাৰবল, বুডগাম, বান্দিপোৰা, কুলগাম, পুলৱামা আৰু অনন্তনাগ জিলাত চিআইকেয়ে অভিযান চলাইছে।

এই সময়ছোৱাত লস্কৰ-ই-তৈবাৰ এটা শাখা তেহৰিক লাবাইক বা মুছলিমৰ এটা নিযুক্তি মডিউল উন্মোচিত হৈছে। এই সংগঠনটোৰ নেতৃত্বত আছে পাকিস্তানী সন্ত্ৰাসবাদী হেণ্ডলাৰ বাবা হামাছ। এজন বিষয়াৰ মতে, এই মডিউলটোক কুখ্যাত লস্কৰ-ই-তৈবাৰ অংশ বুলি গণ্য কৰা হয়। তেওঁ কয় যে অভিযান এতিয়াও অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande