নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানসকলক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত সম্ভাষণ জনায়। তেওঁ কয় যে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এন এছ জিৰ অৱদানক লৈ প্ৰতিজন দেশবাসীয়ে গৌৰৱান্বিত।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্স হেণ্ডেলত লিখিছে, এন এছ জি প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতে এন এছ জিৰ সকলো কৰ্মীক ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ অদম্য নিষ্ঠা, সাহস আৰু দৃঢ়তাৰ বাবে প্ৰণাম জনাইছে। আমাৰ ৰাষ্ট্ৰ খনক ভাবুকিৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁলোকৰ দায়বদ্ধতা প্ৰশংসনীয়। তেওঁলোক সাহস আৰু পেছাদাৰিত্বৰ প্ৰতীক।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ