লক্ষীপূজাৰ দিনাৰ পৰা মাজুলীত ৰাসলীলাৰ নাটমেলা পৰ্ব আৰম্ভ
মাজুলী, ১৬ অক্টোবৰ (হি.স.)। আজি লক্ষীপূৰ্ণিমাৰ দিনা মাজুলীত আৰম্ভ হয় ৰাসৰ নাট মেলা পৰ্ব। আগন্তুক এমাহলৈ লুইতৰ পাৰ গকুল বৃন্দাবনলৈ পৰ্যবেশিত হৈ পৰিব মাজুলী। উল্লেখযোগ্য যে মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস-পালনাম। তাতে আজি লক্ষ্মী পূজা, কাতি মাহৰ পূৰ
লক্ষীপূজাৰ দিনাৰ পৰা মাজুলীত ৰাসলীলাৰ নাটমেলা পৰ্ব আৰম্ভ


মাজুলী, ১৬ অক্টোবৰ (হি.স.)। আজি লক্ষীপূৰ্ণিমাৰ দিনা মাজুলীত আৰম্ভ হয় ৰাসৰ নাট মেলা পৰ্ব। আগন্তুক এমাহলৈ লুইতৰ পাৰ গকুল বৃন্দাবনলৈ পৰ্যবেশিত হৈ পৰিব মাজুলী।

উল্লেখযোগ্য যে মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস-পালনাম। তাতে আজি লক্ষ্মী পূজা, কাতি মাহৰ পূৰ্ণিমা তিথি। সমগ্ৰ মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত আজি লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগত ভাৱে পৰৱৰ্তী ৰাসপূৰ্ণিমা তিথিত অনুষ্ঠিত হ'ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা 'নাট মেলা পৰ্ব' মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হ'য় ।

শাৰদীয় মুখ্য উৎসৱ হিচাপে মাজুলীত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয় । আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যৱেশিত হৈ পৰিব লুইতৰ পাৰৰ বৃন্দাবনলৈ । গীত-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণলীলা মহাৰাসৰ আখৰা । শৰতৰ চন্দ্ৰৱলী ৰাতি হ'ব অতি বিতোপন। বাহীঁৰ মাত শুনি ঘৰৰ কাম বন একাষৰীয়া কৰি সকলো ঢ়পলিয়াই আহিব ৰাসৰ আখৰালৈ । দুপৰ নিশালৈকে চলি থাকিব আখৰা ।

আন আন ঠাইৰ দৰে মাজুলী গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাটমেলা পৰ্ব আৰম্ভ হৈছে। আজিৰ পৰা এশবছৰ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু আৰ্দশ আগত ৰাখি অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে।

উল্লেখযোগ্য যে মাজুলীৰ ৰাসৰ নাট মেলা পৰ্বৰ সময়ত ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ ব্যস্ততাৰ সীমা নোহোৱা হৈ পৰে। ব্যস্ততাৰ শেষত ১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাসোৎসৱ ।২৬ শতাধিক শিল্পী কলা কুশলীৰ লগতে পৰোক্ষ প্ৰত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হৈ পৰে ৰাসত । ঐতিহাসিক আউনীআটী দক্ষিণপাট, চামগুৰি সত্ৰত ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব । উত্তৰ কমলাবাৰী সত্ৰৰ তৰফৰপৰা মাজুলীলৈ অহা সকলো ভক্ত দৰ্শনাৰ্থীৰ বাবে থকা খোৱাৰো সু ব্যৱস্থা কৰি আহিছে। আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব মাজুলীৰ ৰাস মহোৎসৱ।

প্ৰণিধানযোগ্য যে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা নাট মেলা পৰ্ব আৰু লক্ষ্মী পূজাৰ আজিৰ দিনটো মাজুলীৰ বাবে এটা বিশেষ দিন ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande