চামগুৰিত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নিৰ্বাচনী তৎপৰতা
চামগুৰিত উপস্থিত হ'ল অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।
চামগুৰিত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নিৰ্বাচনী তৎপৰতা


নগাঁও, ১৬ অক্টোবৰ (হি.স.): উপ নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ। উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই কালি নিশাৰ ভাগত চামগুৰিত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

চামগুৰিত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এতিয়া বঙহৰে-বঙহৰ মাজত কাজিয়া হৈছে, ৰকিবুল হুছেইনৰ নিজ জ্ঞাতি কুটুম সকলে আক্ৰমন কৰিছে, যেতিয়া নিজৰ জ্ঞাতি কটুমবোৰে লগ এৰা দিয়ে,তেতিয়াই এনে পৰিস্থিতিৰ সৃষ্টি হয়, জ্ঞাতি -কুটুম্ব সকলে নিবিছাৰে ৰকিবুল হুছেইন গাঁৱলৈ যোৱাতো। এয়া ৰকিবুল হুছেইনে নিজেই সৃষ্টি কৰিছে ইয়াত বিজেপিৰ একো দোষ নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগন্তুক উপনিৰ্বাচনত ৫খন আসনতে জয়ী হ'ব বুলিও দৃঢ়তাৰে ব্য়ক্ত কৰে।তেওঁ কয় যে পূৰ্বতে চামগুৰি সমষ্টিক কিছু আশংকা আছিল যদিও চামগুৰিত যিটো ঘটনা ঘটিল, এতিয়া আমি নিশ্চিত যে চামগুৰিটো আমি জয়ী হ'ম।

ইফালে দেৱব্ৰত শইকীয়াৰ ফেচবুক পোষ্টক লৈ জয়ন্ত মল্ল বৰুৱাই কয় যে এই সকলোবোৰ জ্ঞাতি কুটুম্বৰে যুঁজ। এতিয়া নিৰ্বাচনৰ ইমান ডাঙৰ কাম থকাৰ পাছতো ভূপেন বৰাই নিজৰ চকী খামুচি ৰাখিবৰ বাবে দিল্লীত বহি আছে, এফালে চকী ধৰি থাকিব নে এফালে নিৰ্বাচনী ভাষন দিব, সেইটোৱে ভূপেন বৰাৰ বাবে ডাঙৰ সমস্যা হৈছে। তলফালে চকী খামুচি ধৰিব নে ওপৰৰ ফালে ভাষন দিব নে? ভূপেন বৰাই দুয়োফালে বেলেঞ্চ ধৰি ৰাখিব পৰা নাই আৰু এই সকলোবোৰ জ্ঞাতি-কুটুম্বৰে যুঁজ। মন্ত্ৰী বৰুৱাই আৰু কয় যে ভূপেন বৰা আৰু গৌৰৱ গগৈ দুয়োজনে গান্ধী পৰিয়ালয়ক তেল মৰা বিধৰ মানুহ, তেঁওলোকৰ মাজত পাৰ্থক্য একো নাই,পাৰ্থক্য মাত্ৰ এটাই এজনে চাৰিবাৰ মান হাৰিছে আৰু এজনে দুই-তিনিবাৰ জিকিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande