কোকৰাঝাৰ, ১৬ অক্টোবৰ (হি.স.): আজি ধন–সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । এই উপলক্ষ্য়ত ফকিৰাগ্ৰাম বজাৰত ভক্তৰ ভিৰ দেখা গৈছে। ফকিৰাগ্ৰাম বজাৰতো পূজাৰ সামগ্ৰীৰ অত্যাধিক মূল্য বৃন্ধিয়ে ভাৰাক্ৰান্ত কৰিছে সৰ্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধিৰ ফলত বজাৰত কমি গৈছে গ্ৰাহকৰ সংখ্যা । আজি ফকিৰাগ্ৰাম বজাৰত মা-লক্ষ্মীৰ প্ৰতিমাৰ মূল্য ৩৫০ পৰা ৬৫০ টকালৈ বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ