ধুবুৰী, ১৬ অক্টোবৰ (হি.স.): ধুবুৰীত পক্সো গোচৰৰ আচামীৰ জামিনৰ বাবদত আৰক্ষী আৰু অধিবক্তাৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । ধুুবুৰীৰ পূৰ্নিমা কৰ্মকাৰ নামৰ মহিলাগৰাকীয়ে বিভিন্ন থানাই থানাই ঘুৰি আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে ভূক্তভোগীয়ে। ইফালে পূৰ্নিমা কৰ্মকাৰে পক্সো গোচৰৰ আচামীক জামিন দিয়াৰ বাবদত আৰক্ষী আৰু অধিবক্তাৰ নামত ভুক্তভোগীৰ পৰা ১ লাখ ২০ হেজাৰ টকা আদায় কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। গোলকগঞ্জ আৰক্ষী মেনেজ কৰাৰ নামত ৫০ হেজাৰ আৰু অধিবক্তাৰ নামত লৈছিল ৭০ হেজাৰ টকা ৷ নিজ ছোৱালীৰ ফোন পে যোগে ৯০ হেজাৰ টকা আৰু কেছ ৩০ হেজাৰ টকা লোৱাৰ অভিযোগ উঠিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত পূৰ্ণিমা কৰ্মকাৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধিক্ষকক লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে। এছপিচিএৰ সভানেত্ৰী বুলি পৰিচয় দি টকা সংগ্ৰহৰ অভিযোগ উঠিছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত ধুুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ধুবুৰী জিলা এছপিচিএৰ সভানেত্ৰী পূৰ্ণিমা কৰ্মকাৰৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ঝালেৰ আলগাৰ ছানোৱাৰ আলী নামৰ এগৰাকী ভুক্তভোগীয়ে। ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত কৈমাৰী পঞ্চম খণ্ড গাঁৱৰ স্বৰ্গীয় ইছাহক আলীৰ পুত্ৰ লাপু সেখৰ নামত একে গাঁৱৰে আন এটা পক্ষই গোলকগঞ্জ থানাত ১৫২/২০২৪ নম্বৰত এখন এজাহাৰ দিয়ে। উক্ত এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে আচামী লাপু সেখক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে। আচামী লাপু সেখৰ কেচ নিষ্পত্তি কৰণ আৰু জামিন কৰি দিয়াৰ কাৰণে ঝালেৰ আলগাৰ আজাদ আলী খান নামৰ দালাল ৰূপী এজন ব্যক্তিয়ে ভুক্তভোগীক পূৰ্ণিমা কৰ্মকাৰ নামৰ আন এগৰাকী মহিলা দালালৰ লগত লগ লগাই দিয়ে। পূৰ্ণিমা কৰ্মকাৰে নিজকে এছপিচিএৰ ধুবুৰী জিলাৰ সভানেত্ৰী বুলি পৰিচয় দি নিজকে লগত পুলিচৰ ভাল সম্পৰ্ক থকাৰ কথা ব্য়ক্ত কৰি কেচ নিষ্পত্তি আৰু জামিন লাভৰ বাবে ১,৫০,০০০.০০(এক লাখ পঞ্চাশ হাজাৰ) টকা দিব লাগিব বুলি উল্লেখ কৰে। পিছত ভুক্তভোগী ছানোৱাৰ আলীয়ে পূৰ্ণিমাৰ ছোৱালীৰ ফোন পে একাউণ্ট যোগে ৯০,০০০.০ হাজাৰ আৰু নগদ ৩০,০০০.০০ হাজাৰ সৰ্বমুঠ ১,২০,০০০.০০(এক লাখ বিশ) হাজাৰ টকা দিয়ে। এই দালালৰাজৰ কথা পোহৰলৈ অহাৰ পাছত ধুৰন্ধৰ পুৰ্নিমাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ