বিহাৰৰ ভাগলপুৰ জিলাত বোমা বিস্ফোৰণ, আহত ৭ টা শিশু
পাটনা, ১ অক্টোবৰ (হি.স.)। বিহাৰৰ ভাগলপুৰ জিলাৰ হাবিবপুৰ থানা এলেকাৰ শ্বাহজানহি খেলপথাৰত মঙলবাৰে বিয়লি সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত খেলপথাৰত খেলি থকা ৭টা শিশু আহত হয়। তিনিটা শিশুৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ আহত শিশু
বিহাৰঃ ভাগলপুৰ জিলাৰ চিকিৎসালয়ত আহত শিশু


পাটনা, ১ অক্টোবৰ (হি.স.)। বিহাৰৰ ভাগলপুৰ জিলাৰ হাবিবপুৰ থানা এলেকাৰ শ্বাহজানহি খেলপথাৰত মঙলবাৰে বিয়লি সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত খেলপথাৰত খেলি থকা ৭টা শিশু আহত হয়। তিনিটা শিশুৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। ততাতৈয়াকৈ আহত শিশুকেইটাক সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ৰ পৰা তেওঁলোকৰ গুৰুতৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক মায়াগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

চিটি এছ পি কে. ৰামদাসে জানিবলৈ দিয়া মতে, ফৰেনছিক দলটো ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বিস্ফোৰণত আহত এটি শিশুৱে জনোৱা মতে, খেলপথাৰলৈ অহাৰ লগে লগে কোনোবাই বোমা নিক্ষেপ কৰে আৰু বোমাটো বিস্ফোৰণ হয়। আহত শিশুকেইটাৰ আত্মীয়ই কয় যে বোমাটো কেনেকৈ বিস্ফোৰণ হ’ল নাজানে, কিন্তু যেতিয়া আমি শব্দ শুনি ওলাই আহিলোঁ তেতিয়া শিশুকেইটা তেজেৰে তিমুৰলি হৈ পৰি আছিল।

বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা তিনিটা শিশুৰ ভিতৰত মহম্মদ ইৰছাদৰ দুই পুত্ৰ মান্না আৰু গোলুও আছে। বিস্ফোৰণৰ পিছত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। কোৱা হৈছে যে বিস্ফোৰণটো ইমানেই প্ৰবল আছিল যে ইয়াৰ শব্দ এক কিলোমিটাৰ পৰ্যন্ত শুনা গৈছিল। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande