দিনজোৰা কাৰ্য্যসূচীৰে অৰুণাচলৰ নামচাই ভ্ৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
ইটানগৰ, ০১ অক্টোবৰ (হি.স.)। এদিনীয়া কাৰ্য্যসূচীৰে অৰুণাচলৰ নামচাইত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় বাণিজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ পিছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে বহুম
দিনজোৰা কাৰ্য্যসূচীৰে অৰুণাচলৰ নামচাই ভ্ৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ


ইটানগৰ, ০১ অক্টোবৰ (হি.স.)। এদিনীয়া কাৰ্য্যসূচীৰে অৰুণাচলৰ নামচাইত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় বাণিজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ পিছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে বহুমুখী প্ৰেক্ষাগৃহত ক্ৰেডিট আউটৰিচ শীৰ্ষক এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লগতে আত্ম নিৰ্ভৰশীল ভাৰতৰ অধীনত নামচাই জিলাৰ কেইবাটাও আত্ম সহায়ক গোট তথা জি আই টেগ স্বীকৃত সামগ্ৰী উৎপাদনকাৰী গোটক আৰ্থিক অনুদান বিতৰণ কৰে। ইয়াৰ পূৰ্বে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী মেলা পৰিদৰ্শন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande