নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। মাৰ্কেট ৰেগুলেটৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াই হুণ্ডাই মটৰ ইণ্ডিয়াকে ধৰি ৫টা কোম্পানীক আই পি অ’ আৰম্ভ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছে। এই কোম্পানীসমূহৰ ভিতৰত খাদ্য ডেলিভাৰী কোম্পানী ছুইগি, বিশাল মেগা মাৰ্ট, একমে ছ’লাৰ হোল্ডিংছ আৰু মামটা মেচিনেৰী আদিৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।
ছেবিৰ পৰা লাভ কৰা তথ্য অনুসৰি বজাৰ নিয়ন্ত্ৰকে ২৪ ছেপ্টেম্বৰত হুণ্ডাই মটৰ ইণ্ডিয়া আৰু ছুইগীক পৰ্যবেক্ষণ পত্ৰ প্ৰদান কৰাৰ বিপৰীতে ২৫ ছেপ্টেম্বৰত বিশাল মেগা মাৰ্টলৈ পৰ্যবেক্ষণ পত্ৰ প্ৰদান কৰা হৈছে। একেদৰে ২৭ ছেপ্টেম্বৰত মামটা মেচিনেৰী আৰু একমে ছ’লাৰ হোল্ডিংছক পৰ্যবেক্ষণ পত্ৰ দিয়া হৈছে। পৰ্যবেক্ষণ পত্ৰ জাৰি হোৱাৰ পিছত কোম্পানীটোৱে অহা ১ বছৰত আই পি অ’ আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।
বিনিয়োগকাৰীসকলে দীৰ্ঘদিন ধৰি হুণ্ডাই মটৰ ইণ্ডিয়াৰ আই পি অ’ৰ বাবে অপেক্ষা কৰি আছিল। দেশৰ এই দ্বিতীয় বৃহত্তম গাড়ী নিৰ্মাণ কোম্পানীটোৰ আই পি অ’ হ’ব পাৰে আজিলৈকে সৰ্ববৃহৎ আই পি অ’। যোৱা ১৪ জুনত কোম্পানীটোৱে ছেবিক খচৰা কাগজখন দাখিল কৰিছিল। এই আই পি অ’ৰ অধীনত ১৪.২১ কোটি ইকুইটি শ্বেয়াৰ কেৱল অফাৰ ফৰ চেল (অ’ এফ এছ)ৰ জৰিয়তে বিক্ৰী কৰা হ’ব। কোৱা হৈছে যে কোম্পানীটোৰ প্ৰায় ৩ বিলিয়ন ডলাৰৰ এই আই পি অ’ এই মাহতে আৰম্ভ কৰিব পৰা যাব।
একেদৰে বিশাল মেগা মাৰ্টে যোৱা ২৯ জুলাইত ছেবিলৈ খচৰা কাগজখন দাখিল কৰিছিল। কেড্ৰা কেপিটেল এণ্ড পাৰ্টনাৰ্ছ গ্ৰুপে বিনিয়োগ কৰা এই কোম্পানীটো ফেশ্বনৰ সৈতে জড়িত হাইপাৰমাৰ্কেট চেইন। কোম্পানীটোৱে আই পি অ’ৰ জৰিয়তে বজাৰৰ পৰা প্ৰায় এক বিলিয়ন ডলাৰ সংগ্ৰহ কৰিব বিচাৰিছে। এই আই পি অ’ৰ কাম-কাজ চোৱাচিতা কৰিবলৈ কোটক মহিন্দ্ৰা কেপিটেল, জে পি মৰ্গান, মৰ্গান ষ্টেনলি, আইচিআইচিআই ছিকিউৰিটিজ আৰু জেফ্ৰিজক মুখ্য পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে।
আই পি অ’ আৰম্ভ কৰিবলৈ ছেবিৰ পৰা সেউজ সংকেত পোৱা কোম্পানীসমূহৰ ভিতৰত দেশৰ দ্বিতীয় বৃহত্তম খাদ্য ডেলিভাৰী কোম্পানী ছুইগিৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। যোৱা ৭ এপ্ৰিলত কোম্পানীটোৱে আই পি অ’ৰ খচৰা কাগজ ছেবিত দাখিল কৰিছিল। ইয়াৰ পিছত ২৬ ছেপ্টেম্বৰত কোম্পানীটোৱে পুনৰ আপডেট কৰা খচৰা ৰেড হেৰিং প্ৰস্পেক্টচ দাখিল কৰে। এই নথি অনুসৰি কোম্পানীটোৱে ৩৭৫০ কোটি টকাৰ সতেজ ইকুইটি শ্বেয়াৰ জাৰি কৰিব। ইয়াৰ লগতে ১৮.৫২ কোটি ইকুইটি শ্বেয়াৰ বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰসকলে বিক্ৰীৰ বাবে অফাৰৰ জৰিয়তে বিক্ৰী কৰিব।
এইবোৰৰ বাহিৰেও একমে ছ’লাৰ হোল্ডিংছে আই পি অ’ৰ জৰিয়তে বজাৰৰ পৰা ৩ হাজাৰ কোটি টকা সংগ্ৰহৰ বাবে ২ জুলাইত ছেবিত খচৰা কাগজ দাখিল কৰিছিল। গুৰুগ্ৰামত নবীকৰণযোগ্য শক্তিৰ কাম কৰা এই কোম্পানীটোৱে আই পি অ’ৰ জৰিয়তে ২০০০ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰাৰ বিপৰীতে কোম্পানীটোৰ প্ৰমোটাৰ একমে ক্লিনটেক ছলিউচনে বিক্ৰীৰ বাবে অফাৰৰ জৰিয়তে বিক্ৰী কৰিব ১০০০ কোটি টকাৰ শ্বেয়াৰ।
গুজৰাটৰ পেকেজিং ইকুইপমেণ্ট কোম্পানী মমতা মেচিনেৰীকো আই পি অ’ আৰম্ভ কৰিবলৈ সেবিয়ে সেউজ সংকেত দিছে। ২৮ জুনত কোম্পানীটোৱে আই পি অ’ৰ জৰিয়তে ধন সংগ্ৰহৰ বাবে ছেবিক খচৰা কাগজ দাখিল কৰিছিল। ইয়াৰ আই পি অ’ত ৭৩.৮২ লাখ ইকুইটি শ্বেয়াৰ প্ৰমোটাৰসকলে অফাৰ ফৰ চেলৰ জৰিয়তে বিক্ৰী কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ