হায়দৰাবাদ হাউছত জামাইকাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হোলনেছক সাক্ষাৎ কৰে। মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুয়োগৰাকী নেতাৰ বৈঠকৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত বৈদেশিক
মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছ।


নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হোলনেছক সাক্ষাৎ কৰে।

মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দুয়োগৰাকী নেতাৰ বৈঠকৰ ফটো শ্বেয়াৰ কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই লিখিছে, ভাৰত-জামাইকাৰ গভীৰ আৰু ঐতিহাসিক সম্পৰ্কক আগুৱাই লৈ গৈছে। দ্বিপাক্ষিক আলোচনাৰ বাবে হায়দৰাবাদ হাউচত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছক উষ্ম আদৰণি জনায়।

ইয়াৰ পূৰ্বে জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু মাইকেল হলনেছে দিল্লীৰ ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে মহাত্মা গান্ধীৰ ওপৰত ৰচিত গ্ৰন্থ আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ৰাজঘাট সমিতিৰ দ্বাৰা তেওঁক উপহাৰ দিয়া হয়।

বাণিজ্য আৰু বিনিয়োগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছে চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে। জামাইকাৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande