কাকজান মহাবিদ্যালয়ত স্মাৰক বক্তৃতানুষ্ঠানত ময়ুৰ বৰা
যোৰহাট, ০১ অক্টোবৰ (হি.স.)। কাকজান মহাবিদ্যালয়ত স্মাৰক বক্তৃতানুষ্ঠানত ময়ুৰ বৰা। কাকজান মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা সমিতিৰ উদ্যোগত মহাবিদ্যালয়ৰ শিক্ষক গোট,I প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ,ছাত্ৰ এ
কাকজান মহাবিদ্যালয়ত স্মাৰক বক্তৃতানুষ্ঠানত ময়ুৰ বৰা


যোৰহাট, ০১ অক্টোবৰ (হি.স.)। কাকজান মহাবিদ্যালয়ত স্মাৰক বক্তৃতানুষ্ঠানত ময়ুৰ বৰা। কাকজান মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা সমিতিৰ উদ্যোগত মহাবিদ্যালয়ৰ শিক্ষক গোট,I প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ,ছাত্ৰ একতা সভা আৰু পূব যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত ড৹ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা-২০২৪ অনুষ্ঠানটি আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

অসম আৰু অসমীয়া- সংকট আৰু সম্ভাৱনা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ,লেখক ময়ুৰ বৰা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ত সাৱলীলভাৱে আলোকপাত কৰি সকলোকে অভিভূত কৰি তোলে। উক্ত সভাত প্ৰয়াত ড৹ প্ৰভাত গোস্বামীৰ ভক্তি কাব্যত ৰসবোধ শীৰ্ষক গ্ৰন্থ খনি শুভ উন্মোচন কৰা হয়।উক্ত গ্ৰন্থখনি বিশিষ্ট ভাষাবিদ সাহিত্যিক ড৹ বসন্ত গোস্বামীয়ে উন্মোচন কৰে।সভাৰ আৰম্ভণিতে ড৹ প্ৰভাত গোস্বামীৰ প্ৰতিচ্ছবিত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দেৱ কুমাৰ মহন্তই পৰিয়ালৰ সহযোগত এগছি বন্তি প্ৰজ্বলন কৰে।উক্ত সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰশ্মিৰেখা শইকীয়া,বিশিষ্ট সাংবাদিক তপন কুমাৰ কলিতা,মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, উপাধ্যক্ষকে প্ৰমুখ্য কৰি অঞ্চলৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়াই।ইপিনে উক্ত সভাতে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে উজনিৰ বিশেষকৈ যোৰহাটৰ পৰা শিৱসাগৰ পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাম অহা ২৫ চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই আৰু ৰাইজক কেৱল হিতাধিকাৰী হৈ নাথাকি প্ৰকৃত প্ৰাপ্যৰ বাবে সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধিক জবাবদিহি কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande