ৰাধিকাপুৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত নতুন ৰেল সেৱাৰ শুভাৰম্ভ
গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ পৰা ৰাধিকাপুৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত চলোৱাৰ বাবে এখন নতুন ৰে'ল সেৱা আৰম্ভ কৰা হ'ব। ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নতুন ৰে'ল
एनएफआर फेस्टिव स्पेशल ट्रेन (फाइल फोटो)


গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ পৰা ৰাধিকাপুৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত চলোৱাৰ বাবে এখন নতুন ৰে'ল সেৱা আৰম্ভ কৰা হ'ব। ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নতুন ৰে'ল সেৱা ০২ অক্টোবৰ, ২০২৪ তাৰিখে শিয়ালদহৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব।

উদ্বোধনী ৰেল নং ০৪০১১ (ৰাধিকাপুৰ - আনন্দ বিহাৰ টাৰ্মিনেল) ৰাধিকাপুৰ ষ্টেচনৰ পৰা ১২:৪৫বজাত যাত্ৰা আৰম্ভ কৰিব। সেই অনুসৰি, ৰেল নং ০৪০১১(ৰাধিকাপুৰ - আনন্দ বিহাৰ টাৰ্মিনেল) উদ্বোধনী বিশেষ ৰেলখন ১২:৪৫বজাত ৰাধিকাপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ২০:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ'ব। ৰেলখন ৰায়গঞ্জ, বাৰছোই জংচন, কাটিহাৰ জংচন, বাৰাউনি জংচন, সমস্তিপুৰ জংচন, বাপুধাম মতিহাৰী, গোৰখপুৰ জংচন, গোণ্ডা জংচন, মোৰাদাবাদ জংচন হৈ চলাচল কৰিব।

যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে'লখনত ছয়টা এচি ৩-টায়াৰ,দুটা এচি ২-টায়াৰ,এটা এচি প্ৰথম শ্ৰেণী, আঠটা শ্লীপাৰ আৰু তিনিটা দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব। এই ৰে'লখনৰ প্ৰৱৰ্তনে ৰাধিকাপুৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ যাত্ৰীসকলে পোনপটীয়াকৈ আমাৰ দেশৰ ৰাজধানী চহৰলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande