শিৱসাগৰ, ০১ অক্টোবৰ (হি.স.)। প্লাষ্টিক মুক্ত অসম তথা স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাজ্যত বৰ্তমান চলিছে উন্নয়নৰ ফটা ঢোল | কি শাসক আৰু কি বিৰোধী সকলোৰে মুখত কথাৰ ফুলজাৰি | বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি প্ৰাপ্ত অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউৰ জিলা তথা শিৱসাগৰৰ ৩৭ নং ফ'ৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহত প্লাষ্টিকৰ দম।
পথৰ কাষতে চেদেলি ভেদেলিকৈ পেলাই ৰখা হৈছে এই সমূহ প্লাষ্টিক, গেলা জাৱৰ জোথৰ সমূহে অঞ্চলটোৰ পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে | ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰোতে গেলাপচা জাবৰৰ পৰা নিৰ্গত দুৰ্গন্ধৰ বাবে নাকত সোপা দিও ৰক্ষা নোপোৱাৰ যে এটা পৰিবেশ | এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ নেতা ৰঞ্জন বৰদলৈৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে | পৌৰসভা কেৱল মাত্ৰ বিজ্ঞাপনতে আবদ্ধ | আনহাতে স্থানীয় ৰাইজ, বাটৰুৱা আৰু পথাচাৰী সকলে জিলা প্ৰশাসনৰ ওপৰত ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ